তেজস্বিতাৰ নামত মাজুলীত স্থাপন হওক এখন মেডিকেল কলেজঃ কান্দি কান্দি আহ্বান পিতৃৰ…

নিউজ ডেস্কঃ মাজুলীৰ কন্যা তেজস্বিতাক হেৰুৱাই আজি ম্ৰিয়মান সমগ্ৰ ৰাজ্যবাসী। কান্দি কান্দি তৎ নাই পিতৃ-মাতৃৰো।

গুৰুজনাৰ জন্মোৎসৱৰ দিনাখনেই নামঘৰত বৰগীত পৰিৱেশনৰ সময়তে হঠাৎ ঢলি মৃত্যুক সাৱটিছিল প্ৰতিভাৱান গায়িকা তেজস্বিতা বৰুৱাই।

ভুল চিকিৎসাৰ বাবেই গড়মূৰৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক হাস্পতালত তেজস্বিতাৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে।

ইয়াৰ মাজতে তেজস্বিতাৰ নামেৰে মাজুলীত এখন মেডিকেল কলেজ স্থাপন কৰিবলৈ কান্দি কান্দি আহ্বান জনালে পিতৃয়ে।

তেজস্বিতাৰ দৰে যাতে আন কোনোৱে মৃত্যুক সাৱটি ল’বলগীয়া নহয়, তাৰ বাবে মাজুলী-যোৰহাট সংযোগী দলংখনো শীঘ্ৰে নিৰ্মাণ কৰিবলৈ আহ্বান জনালে পিতৃয়ে।

কেমেৰাৰ সন্মুখত কান্দি কান্দি তেওঁ ক’লে- ‘মই তাইক লৈ বহুত সপোন দেখিছিলো। সকলো অকালতে মৰহি গ’ল। তাইৰ নামত এখন মেডিকেল কলেজ মাজুলীত স্থাপন কৰক, মই তাকেই বিচাৰো।’