নিউজ ডেস্কঃ অকালতে মৰহি গ’ল এটি উজ্বল প্ৰতিভা। মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
গুৰুজনাৰ জন্মোৎসৱৰ দিনাই নামঘৰত বৰগীত পৰিৱেশ কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ মৃত্যুক সাৱটি লয় ১৪ বৰ্ষীয় তেজস্বিতাই।
তাৰ পিছতে মাজুলীৰ স্বাস্থ্য খণ্ডক লৈ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্নৰ উত্থাপন কৰিছে। তেজস্বিতাৰ পিতৃয়েও অভিযোগ তুলিছে ভুল চিকিৎসাৰ বাবেই কন্যাৰ মৃত্যু ঘটা বুলি।

তেজস্বিতা নামৰ প্ৰতিভাসম্পন্ন কিশোৰী গায়িকাগৰাকীৰ মৃত্যুৱে জোকাৰিছে ওপৰ মহলকো। যাৰ বাবে ইতিমধ্যে নিলম্বন কৰা হৈছে গড়মূৰৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক।
ইফালে ঘটনাক লৈ তীব্ৰ চৰ্চা অব্যাহত থকাৰ মাজতে তেজস্বিতাৰ পিতৃ-মাতৃক সাক্ষাৎ কৰে মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্তই।

তাৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কয় যে হাস্পতালত সকলো প্ৰকাৰে চিকিৎসা প্ৰদান কৰা হৈছিল তেজস্বিতাক।
পিতৃয়ে উত্থাপন কৰা অক্সিজেনৰ অভাৱৰ অভিযোগো ভুল দাবী কৰি উপায়ুক্তগৰাকীয়ে কয় যে মৃত্যুৰ সময়তে তেজস্বিতাক অক্সিজেন প্ৰদান কৰা হৈছিল।
অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰাৰ পিছতো তেজস্বিতাৰ মৃত্যু ঘটাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি উপায়ুক্ত পুলক মহন্তই কয় যে তথাপি ইয়াৰ তদন্ত কৰা হ’ব।
আনহাতে মাজুলীত বৰ্তমান যথেষ্টসংখ্যক চিকিৎসক আছে বুলি মন্তব্য কৰে উপায়ুক্ত মহন্তই। কিন্তু তেওঁ কয় যে দুগৰাকীকৈ ৰেডিঅ’লজিষ্ট মাজুলীত নিযুক্তি দিয়া হৈছিল যদিও এতিয়ালৈকে কোনোজনে জইন কৰা নাই।
মাজুলীত ৰেডিঅ’লজিষ্টৰহে প্ৰয়োজন বুলি মন্তব্য কৰে উপায়ুক্ত পুলক মহন্তই।









