তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাত খেলিমেলি কৰিলেই যাব লাগিব জে’ললৈঃ দুষ্টচক্ৰক সকিয়াই দিলে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

নিউজ ডেস্কঃ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হব পাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন। এই নিযুক্তি পৰীক্ষা অসমৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি এই পৰীক্ষাত খেলিমেলি কৰা সকলক কঠোৰ সকিয়নী প্ৰদান কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত আলোকচিত্ৰ দিৱসৰ এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ডিজিপি মহন্তই পৰীক্ষাত বিসংগতি সৃষ্টি কৰিব বিচৰা সকলোকে কঠোৰ সকিয়নী প্ৰদান কৰে।

ডিজিপি মহন্তই কয় যে পৰীক্ষাত যিয়েই বিসংগতি সৃষ্টি কৰিব বিচাৰে, তেওঁ ধৰা পৰিবই। আৰু ধৰা পৰিলেই জে’ললৈ যাবগৈ লাগিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাই এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সুকলমে সম্পন্ন কৰিবলৈ দল-সংগঠনৰ সহায় বিচাৰিছিল। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুনৰ তীব্ৰতৰ হৈ উঠা ‘কা’ আন্দোলনে অসমৰ উন্নয়নৰ এই গুুৰুত্বপূৰ্ণ সময়ত প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰিছিল পীযুষ হাজৰিকাই।