মৰ্মান্তিক! মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে পানীভৰ্তি শিলৰ কুঁৱেৰীত বাগৰি পৰিল বাহন, গাঁওপ্ৰধানসহ মৃত্যু একেটা পৰিয়ালৰ ৪ সদস্যৰ…

নিউজ ডেস্কঃ মন্দিৰ দৰ্শন কৰি ঘৰলৈ উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী গাঁও প্ৰধানৰ পৰিয়ালৰ ৪ সদস্যই।

বৃহস্পতিবাৰে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় ছত্তীশগড়ৰ সাৰনগড়-বিলাইগড় জিলাত।

জানিব পৰা মতে, টিমাৰালগা গাঁৱৰ গাঁওপ্ৰধান মহেন্দ্ৰ পেটেলে পত্নী, কন্যা আৰু পিতৃ-মাতৃৰ সৈতে ওড়িশালৈ মন্দিৰ দৰ্শনৰ বাবে গৈছিল।

তেওঁলোকে উভতি অহাৰ পথতে তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ এটা পানীভৰ্তি শিলৰ কুঁৱেৰীত বাগৰি পৰে।

দুৰ্ঘটনাৰ পিছত মহেন্দ্ৰ পেটেলৰ ১৫ বছৰীয়া কন্যা ৰোশনীয়ে কোনোমতে সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পৰিয়ালৰ আন ৪ সদস্যৰ গাড়ীৰ ভিতৰতে সলিল সমাধি ঘটে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰকাৰী বাহিনীৰ সহযোগত বাহনখন মৃতদেহ কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে স্থানীয় লোকে এয়া দুৰ্ঘটনা নহয়, বৰং আত্মহত্যাৰ ঘটনা বুলিহে দাবী কৰিছে।

একাংশ লোকৰ মতে, মহেন্দ্ৰ পেটেলৰ পৰিয়ালতো যথেষ্ট ঋণগ্ৰস্ত আছিল। যাৰ বাবে এনেদৰে পৰিয়ালটোৱে আত্মহত্যাৰ পথ বাচি লয়।

কিন্তু আৰক্ষীয়ে এই দাবী অস্বীকাৰ কৰি ঘটনাৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।