দ্বিতীয়বাৰৰ বাবে অসমৰ বাহিৰত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক! সকলো মন্ত্ৰীক জৰুৰী তলব মুখ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ বছৰৰ অন্তিমটো দিনত অসমৰ বাহিৰত হ’ব কেবিনেট বৈঠক।

দিল্লীৰ অসম ভৱনত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক।

দিল্লীলৈ জৰুৰীভাৱে সকলো মন্ত্ৰীকে তলৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

উত্তৰাখণ্ড ভ্ৰমণ কৰি আজি দিল্লীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

শনিবাৰে কেবিনেট বৈঠকত অংশ লৈ আন মন্ত্ৰীসহ তেওঁ উভতিব অসমলৈ।

কেবিনেট বৈঠকত সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু সীমা সমস্যাক লৈ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে লাচিত দিৱসৰ সময়ত দিল্লীত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেট বৈঠক।