
মৰ্মান্তিক! বিদেশৰ মাটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ৪ ভাৰতীয় ছাত্ৰৰ…
নিউজ ডেস্কঃ বিদেশৰ মাটিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৪ গৰাকী ভাৰতীয় ছাত্ৰই।
ৰাছিয়াৰ ক্ৰিমিয়াৰ চিমফেৰ’পলত বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাৰ মতে, ক্ৰিমিয়াৰ ছেইণ্ট চিমফেৰ’পল অভিমুখে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ কেইজনে গৈ থকা সময়ত চাৰ্গেভ-চেনস্কি ষ্ট্ৰীটত নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই দুৰ্ঘটনাত বাহনখনত থকা চাৰিওজন ভাৰতীয় ছাত্ৰৰ থিতাতে মৃত্যু ঘটে।
নিহত ভাৰতীয় ছাত্ৰ কেইজনে ৰাছিয়াত মেডিকেল শিক্ষা গ্ৰহণ কৰি আছিল বুলি জানিব পৰা গৈছে।




