অসমঅসমীয়া

মৰ্মান্তিক! বাইক আৰােহী শিক্ষয়িত্রীক মহটিয়াই নিলে তেল টেংকাৰে, থিতাতে মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাত কৰুণ মৃত্যু এগৰাকী টেট্ শিক্ষয়িত্ৰীৰ।

বাইকৰ সৈতে মাৰুতি ভানৰ সংঘৰ্ষৰ পিছতে পথত উফৰি পৰা বাইক আৰােহী শিক্ষয়িত্ৰীগৰাকীক মহটিয়াই নিলে তেল টেংকাৰে, যাৰ ফলতে থিতাতে মৃত্যু ঘটে শিক্ষয়িত্ৰী শৰ্মিষ্ঠা ভট্টাচাৰ্যৰ।

এই দুৰ্ঘটনা শনিবাৰে দুপৰীয়া শিলচৰ চহৰৰ সমীপত শিলচৰ- কালাইন পথৰ তোপখানাত সংঘটিত হয়।

image 8
শৰ্মিষ্ঠা ভট্টাচাৰ্য

জানিব পৰা মতে, এখন বাইক আৰু মাৰুতি ভানৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুর্ঘটনাটো।

image 91

ফলত বাইকৰ পিছ ফালৰ ছিটত বহি অহা মহিলা আৰোহী শিক্ষয়িত্ৰীগৰাকী পথৰ ওপৰত লুটি খাই পৰে।

image 9

প্ৰত্যক্ষ দর্শীৰ মতে, ইয়াৰ পাছতে পথত পৰি থকা মহিলাগৰাকীৰ ওপৰেৰে এখন তেলৰ টেংকাৰ পাৰ হৈ যোৱাত থিতাতে মৃত্যু ঘটে মহিলাগৰাকীৰ।

image 11 edited

আনহাতে, বাইক চলোৱা যুৱকজনৰ লগতে মাৰুতি ভেনখনৰ চাৰিজন যাত্রীও গুৰুতৰ আহত হয়।

image 10

পাছত হতাহত আটাইকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

নিহত মহিলাৰ শিক্ষয়িত্ৰীগৰাকী শিলচৰৰ তাৰাপুৰৰ বাসিন্দা শর্মিষ্ঠা ভট্টাচার্য বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

মহানুভৱতা! বিয়াৰ নামত খৰছ কৰিবলগীয়া ধনেৰে ২০টা শিশুৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ এহাল নৱ বিবাহিত দম্পতীৰ…

20 students