
মহানুভৱতা! বিয়াৰ নামত খৰছ কৰিবলগীয়া ধনেৰে ২০টা শিশুৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ এহাল নৱ বিবাহিত দম্পতীৰ…
নিউজ ডেস্কঃ এখন ব্যতিক্ৰমী বিবাহ সম্পন্ন হ’ল এগৰাকী অসামৰিক বিষয়া আৰু এগৰাকী ভাৰতীয় ডাক সেৱাৰ বিষয়াৰ।
বিয়া বুলি ক’লে সাধাৰণতে মনলৈ আহে লাখ লাখ টকাৰ অভ্যৰ্থনা অনুষ্ঠান, সোণৰ গহনা, সুসজ্জিত ৰভাথলীৰ কথা।
কিন্তু এই সকলোবোৰৰ পৰা আতৰি বিয়াৰ নামত খৰছ কৰিবলগীয়া ধনেৰে মানৱ সেৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নৱ বিবাহিত দম্পতীহালে।
উল্লেখ্য যে, অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষস্থান দখল কৰি সংবাদ শিৰোনাম দখল কৰিছিল কেৰালাৰ আৰ্য আৰ নায়াৰে।
শেহতীয়াকৈ অসামৰিক বিষয়াগৰাকী বিবাহ পাশত আৱদ্ধ হয় আহমেদাবাদৰ ভাৰতীয় ডাক সেৱাৰ অধীক্ষক শিৱম ত্যাগীৰ সৈতে।
কেৰালাৰ পাম্পীড়ীস্থিত উপ পঞ্জীয়ক কাৰ্যালয়ত অনুষ্ঠুপীয়াকৈ তেওঁলোকে বিবাহ সম্পন্ন কৰে।
তাৰ পিছতে দম্পতীহালে কোট্টায়মৰ ভাঝুৰৰ শিশুগৃহ ‘পুুনয়াম’ত উপস্থিত হৈ বিবাহৰ নামত খৰছ কৰিবলগীয়া ধনেৰে ২০টা শিশুৰ শিক্ষাৰ দায়িত্ব বহন কৰাৰ সিদ্ধান্ত লয়।
প্ৰণিধানযোগ্য যে, কোট্টায়মৰ নিৱাসী আৰ্য আৰ নায়াৰ বৰ্তমান নাগপুৰত ভাৰতীয় ৰাজহ সেৱাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।






Pingback: মৰ্মান্তিক! বাইক আৰােহী শিক্ষয়িত্রীক মহটিয়াই নিলে তেল টেংকাৰে, থিতাতে মৃত্যু - NEWS8 NorthEast