শোকাৱহ! বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী বনকৰ্মীৰ…

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস।

এইবাৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী বনকৰ্মীৰ।

শোণিতপুৰত বন্য হস্তীৰ আক্ৰমনত প্ৰদীপ বৰা নামৰ এগৰাকী ৫৯বছৰীয়া ফৰেষ্টাৰ গ্ৰেড-২ কৰ্মচাৰী নিহত।

সোনাই ৰূপাই অভয়াৰণ্যৰ কালামাটি ৰেঞ্জৰ ভিতৰত খোজকাঢ়ি তহল দিবলৈ যোৱাৰ সময়ত বনৰীয়া হাতীৰ মুখামুখি হোৱাত হাতীৰ আক্ৰমনত ৫৯বছৰীয়া বন বিভাগৰ কৰ্মচাৰী জনৰ মৃত্যু হয়।

ঘটনা সংঘটিত হোৱাৰ পিছত বন বিভাগৰ লোকে মিছামাৰী আৰক্ষীৰ সহযোগত বন কৰ্মী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ দিহা কৰে।

নিহত বন কৰ্মী গৰাকীৰ ঘৰ কাৰ্বি আলং জিলাৰ বকলীয়াত বুলি জানিব পৰা গৈছে।