মৰ্মান্তিক! স্কুটী-চাৰিচকীয়া বাহনৰ মাজত সংঘটিত দুৰ্ঘটনা চাবলৈ ভিৰ কৰা লোকক মহটিয়াই লৈ গ’ল দ্ৰুতবেগী ট্ৰাকে, ৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ পথৰ ওপৰত সংঘটিত হোৱা দুৰ্ঘটনা চাবলৈ সমবেত হোৱা লোকক মহটিয়াই লৈ গ’ল এখন দ্ৰুতবেগী ট্ৰাকে।

এই ভয়ংকৰ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ৫ জন গুৰুতৰভাৱে আহত হয়।

শনিবাৰে সন্ধিয়া এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ লখিমপুৰৰ পিলিভিত বস্তি পথৰ সদৰ কোতৱালি অঞ্চলৰ অন্তৰ্গত ৰামাপুৰ চৌকী অঞ্চলৰ পাংগী খুৰ্ড গাঁৱত।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত পাংগী খুৰ্ড গাঁৱত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা।

এখন স্কুটী আৰু চাৰিচকীয়া বাহনৰ মাজৰ সংঘৰ্ষত আহত হৈছিল স্কুটী আৰোহীজন।

এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সমবেত হয় স্থানীয় বহু লোক।

কিন্তু সেই সময়তে বাহৰেইচৰ পৰা লখিমপুৰ অভিমুখে গৈ থকা এখন দ্ৰুতবেগী ট্ৰাকে পথৰ দাঁতিত সমবেত ডজনৰো অধিক লোকক মহটিয়াই লৈ যায়।

এই দুৰ্ঘটনাত ৫ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৫ জন গুৰুতৰভাৱে আহত হয়।

নিহত সকলৰ চাৰিজনক কৰণ নিছাদ (১৪), ৰিজৱান (২০), পৰস নিছাদ (৮৪), কৰনেশ বাৰ্মা (৩০) বুলি চিনাক্ত কৰা হৈছে। নিহত এজনক চিনাক্ত কৰিব পৰা হোৱা নাই।

অন্যহাতে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোৱে কিছু সময়ৰ বাবে সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি আহত সকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে।