যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে ধনদাবী কৰে, সেইখন জ্যোতি-বিষ্ণুৰ কল্পনাৰ অসম নহয়ঃ মুখ্যমন্ত্ৰী

দেশত উলহ মালহেৰে উদযাপন কৰা হয় ৭৬ সংখ্যক স্বাধীনতা দিৱস।

খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ কথাই স্থান লাভ কৰে।

চৰকাৰী কৰ্মচাৰীক সততা, ন্যায় আৰু সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি হ’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- যোৱা কেইটামান দিনত আমি দেখা পাইছো যে, চৰকাৰী কাৰ্যালয়বোৰত দুৰ্নীতিৰ অভিযোগত টকা লৈ থাকোতে হাতে-লোটে ধৰা পৰিছে। কাৰোবাৰ পেঞ্চনৰ টকা, কাৰোবাৰ অনুজ্ঞাপত্ৰৰ টকা, কাৰোবাৰ ৰেচনৰ টকা।

তেওঁ কয়- যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে মানুহক শোষণ কৰে, যিখন অসমত চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিটো কথাতে ধন দাবী কৰে, সেইখন অসম জ্যোতিপ্ৰসাদৰ কল্পনাৰ অসম নহয়। সেইখন অসম বিষ্ণু ৰাভাৰ কল্পনাৰ অসম নহয়। সেইখন অসম গোপনীথ বৰদলৈৰ কল্পনাৰ অসম নহয়।

ৰাজ্যবাসীয়ে মনত ৰাখিব লাগিব যে কাৰোবাৰ ঘৰত যদি বনকৰা ছোৱালী আনো, সেই ছোৱালীজনী বা ল’ৰাটোৱেও মোৰ ল’ৰা বা ছোৱালীয়ে ঘৰত যি মৰম পায়, সেই মৰম আমি দিব পাৰিব লাগিব। শিশু শ্ৰমিক আমি নাৰাখো। ১৪ বছৰৰ ওপৰত যদি আমি কাৰোবাক ৰাখো, সেই ছোৱালীজনী বা ল’ৰাজন শোষণৰ বলি হ’ব নোৱাৰে। বৰঞ্চ মোৰ ল’ৰাজন বা ছোৱালীজনী যিখন স্কুলত পঢ়িব, সেই একেখন স্কুলতে সেই বনকৰা ছোৱালীজনী বা ল’ৰাজনক পঢ়ুৱাবলৈও শক্তি আৰু সাহস থাকিব লাগিব। একেই ১৪ বছৰীয়া ছোৱালী স্কুললৈ যাব, আৰু আনজনী ১৪ বছৰীয়া ছোৱালীয়ে ঘৰত বাচন ধুব, তেনেকুৱা এখন সমাজ আমাক নালাগে-মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- মই অসমবাসী ৰাইজক অনুৰোধ কৰিম, হাতযোৰ কৰিম অনুৰোধ কৰিম, আপোনালোকে যেন ঘৰত কাম কৰিবলৈ অনা ছোৱালীজনীক নিজৰ ছোৱালীজনীৰ দৰেই মৰম দিয়ে।