মৰ্মান্তিক! বনভোজলৈ বুলি ওলাই গৈ ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৪ বন্ধুৱে…

নিউজ ডেস্কঃ নৱবৰ্ষৰ প্ৰাকক্ষণত বনভোজলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ একেলগে প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৪ বন্ধুৱে।

দেওবাৰে পুৱা এই শোকাবহ ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ছয়ৰপুৰ আৰক্ষী থানা এলেকাত।

৪ বন্ধুৱে যাত্ৰা কৰা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ নলাত বাগৰি পৰাত শ্বাস প্ৰশ্বাস বন্ধ হৈ থিতাতে মৃত্যু ঘটে ৩ জন যুৱকৰ।

image 149
মৰ্মান্তিক! বনভোজলৈ বুলি ওলাই গৈ ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৪ বন্ধুৱে… 3

আনহাতে আন জন যুৱকক স্থানীয় লোকে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে তেওঁৰো।

তীব্ৰ গতিবেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সন্দীপ যাদৱ, নিখিল শুক্লা, অংকিত শ্ৰীবাস্তৱ আৰু সত্যম পাণ্ডে নামৰ ৪ বন্ধুৱে দেওবাৰে পুৱা বনভোজলৈ বুলি গৈছিল।

image 150
মৰ্মান্তিক! বনভোজলৈ বুলি ওলাই গৈ ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৪ বন্ধুৱে… 4

কিন্তু অধিক গতিবেগৰ বাবে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই নৰহৰপুৰ গাঁৱৰ সমীপত নলাত বাগৰি পৰে।

ইফালে বাহনখন নলাত পৰাৰ পিছত দুৱাৰ খোল নোখোৱাত ভিতৰতে উশাহ বন্ধ হৈ মৃত্যুক সাৱটি লয় ৩ বন্ধুৱে।

পিছত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হৈ আহত জনক হাস্পতালত ভৰ্তি কৰে যদিও হাস্পতালত মৃত্যু ঘটে যুৱকজনৰ।