অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! মন্দিৰ দৰ্শন কৰিবলৈ গৈ বাছৰ পিছফালে বহি ৫মহীয়া সন্তানক স্তনপান কৰোৱাই আছিল সুমনে, তেনেতে চালকে পিছুৱাই দিলে বাছখন, মাতৃ-পুত্ৰৰ মৃত্যু

নিউজ ডেস্কঃ মন্দিৰ দৰ্শন কৰিবলৈ গৈ বাছৰ পিছফালে ৰৈ পাঁচমহীয়া সন্তানক গাখীৰ দি থাকোতেই আকস্মাত পিছুৱাই দিয়া বাছখনৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি ল’লে মাতৃ-পুত্ৰই।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ গৰিয়াবন্দ জিলাত।

জানিব পৰা মতে, কোহকা নিৱাসী সুমন সাহু নামৰ মহিলাগৰাকীয়ে তেওঁৰ ৫ মহীয়া পুত্ৰক কোলাত লৈ গাঁৱৰ অন্য লোকৰ সৈতে শনিবাৰে গৰিয়াবাদৰ জতমাই মাতা মন্দিৰ দৰ্শনৰ বাবে গৈছিল।

গৈ পোৱাৰ পিছত কেঁচুৱাটোৱে কান্দিবলৈ ধৰাত এখন ৰৈ থকা বাছৰ পিছফালে বহি কেঁচুৱাটোক স্তনপান কৰোৱাই আছিল সুমন সাহুৱে।

image 151

কিন্তু সেই সময়তে বাছ চালকে বাছখন পিছুৱাই দিয়াত পিছফালে বহি থকা মাতৃ-পুত্ৰক পিষ্ট কৰে বাছৰ চকাই।

এই ঘটনাত মহিলাগৰাকীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে কণমানি শিশুটিক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হয় যদিও পিছত শিশুটিৰো মৃত্যু ঘটে।

ঘটনাৰ পিছতে গৰিয়াবন্দ জিলাৰ চুৰা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।