শোকাবহ! পেৰাগ্লাইডিঙৰ সময়ত ৫০ ফুট উচ্চতাৰ পৰা তললৈ সৰি পৰি মৃত্যু বিদেশী পৰ্যটকৰ…

নিউজ ডেস্কঃ পেৰাগ্লাইডিঙৰ সময়ত পেৰাচ্যুট খোল নোখোৱাৰ বাবেই ৫০ ফুট উচ্চতাৰ পৰা পৰি মৃত্যু বিদেশী পৰ্যটকৰ।

শনিবাৰে সন্ধিয়া এই শোকাবহ ঘটনা সংঘটিত হয় গুজৰাটৰ কাদি চহৰৰ সমীপৰ ভিছাটপুৰা গাঁৱৰ এখন বিদ্যালয়ৰ খেল পথাৰত।

নিহত বিদেশী পৰ্যটকগৰাকীৰ পৰিচয় দক্ষিণ কোৰিয়াৰ শ্বিন ব্যয়ং মুন (৫০) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰ্যটকজনে শনিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত পেৰাগ্লাইডিং কৰিছিল।

কিন্তু সঠিক সময়ত পেৰাচ্যুটটো খোল নোখোৱাৰ ফলত ৫০ ফুট উচ্চতাৰ পৰা মাটিত পৰে ব্যক্তিজন।

লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

অৱশ্যে উচ্চতাৰ পৰা পৰাৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈয়ে বিদেশী পৰ্যটকজনৰ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে চিকিৎসকে।