নিউজ ডেস্কঃ বাটৰ কুকুৰৰ আক্ৰমণত প্ৰাণ গ’ল এটি ৭ মহীয়া কেঁচুৱাৰ।
এই শোকাবহ ঘটনা সংঘটিত হৈছে দিল্লীৰ সমীপৱৰ্তী নয়ডাত।
নয়ডাৰ ১০০ নং ছেক্টৰৰ লোটাছ বলিভাৰ্ড এপাৰ্টমেণ্টত বাটৰ কুকুৰৰ আক্ৰমণত সোমবাৰে কণমানি শিশুটিৰ মৃ্ত্যু ঘটাৰ পিছতে ক্ষুব্ধ হৈ পৰে আৱাসিক সকল।
নাগৰিকৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা বাটৰ কুকুৰৰ বিৰুদ্ধে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে ক্ষুব্ধ আৱাসিকে।
জানিব পৰা মতে, সোমবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত এপাৰ্টমেণ্ট কমপ্লেক্সটোত বিচৰণ কৰা কুকুৰ এটাই আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ৭ মহীয়া শিশুটি।
লগে শিশুটিক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা শিশুটিৰ মৃত্যু ঘটে।
বাতৰি অনুসৰি, শিশুটিৰ পিতৃ-মাতৃয়ে নিৰ্মাণ শ্ৰমিক হিচাপে কমপ্লেক্সটোৰ এটা পথত কাম কৰি আছিল। বাটৰ কুকুৰটোৱে আক্ৰমণ কৰাৰ সময়ত শিশুটি পিতৃ-মাতৃৰ কাষতে আছিল।