আইনী শাস্তিৰ পৰা হাত সাৰিবলৈ মৃতৰ ভাও জুৰি চিতাৰ ওপৰত শুই পৰিল ধৰ্ষণৰ অভিযুক্ত, পিতৃয়ে মুখাগ্নিৰ ছবি তুলি দাখিল কৰিলে আদালতত

নিউজ ডেস্কঃ আইনী শাস্তিৰ পৰা হাত সাৰিবলৈ এক অদ্ভূত পন্থা হাতত ল’লে ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন লম্পট শিক্ষকে।

৪ বছৰ পূৰ্বে এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্তই শাস্তিৰ পৰা ৰক্ষা পৰিবলৈ কফন পিন্ধি শুই পৰিল চিতাৰ ওপৰত। আৰু পিতৃয়ে তাৰ ফটো তুলি পুত্ৰৰ মৃত্যুৰ প্ৰমাণ স্বৰূপে আদালতত দাখিল কৰে।

কিন্তু এই সমগ্ৰ বিষয়টো পোহৰলৈ অহাৰ পিছতে আত্মসমৰ্পণ কৰিছে অভিযুক্ত শিক্ষকজনে। বৰ্তমান তেওঁক ১৪ জনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।

এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ ভগলপুৰত জিলাত।

image 141
আইনী শাস্তিৰ পৰা হাত সাৰিবলৈ মৃতৰ ভাও জুৰি চিতাৰ ওপৰত শুই পৰিল ধৰ্ষণৰ অভিযুক্ত, পিতৃয়ে মুখাগ্নিৰ ছবি তুলি দাখিল কৰিলে আদালতত 3

জানিব পৰা মতে, ভগলপুৰৰ ইশিপুৰ বৰাহাট থানা অঞ্চলৰ নিৱাসী ৰাজাৰাম এজন শিক্ষকৰ বিৰুদ্ধ ২০১৮ চনৰ ১৪ অক্টোবৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল।

আদালতত বিচাৰধীন এই গোচৰৰ শাস্তিৰ পৰা হাত সাৰিবলৈকে শেহতীয়াকৈ অভিযুক্তজনে পিতৃৰ সৈতে মিলি চিনেমাৰ কায়দাত কৌশল ৰচনা কৰে।

সেই অনুসৰি গাত কফন পিন্ধি জ্বলন্ত চিতাৰ ওপৰত শুই পৰে অভিযুক্ত শিক্ষকজন। আৰু তেতিয়াই পিতৃয়ে মৃত পুত্ৰৰ মুখাগ্নি কৰাৰ ছবি তুলি তাৰ আধাৰত পঞ্চায়ত সম্পাদকৰ পৰা পুত্ৰৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বনায়।

পৰৱৰ্তী সময়ত মৃত্যুৰ প্ৰমাণ পত্ৰ আৰু শ্মশানত কাঠ ক্ৰয় কৰাৰ ৰচিদৰ সৈতে অভিযুক্তৰ পিতৃয়ে আদালতত শপতনামা দাখিল কৰে।

photo1666078715
আইনী শাস্তিৰ পৰা হাত সাৰিবলৈ মৃতৰ ভাও জুৰি চিতাৰ ওপৰত শুই পৰিল ধৰ্ষণৰ অভিযুক্ত, পিতৃয়ে মুখাগ্নিৰ ছবি তুলি দাখিল কৰিলে আদালতত 4

অভিযুক্ত শিক্ষকজনৰ পিতৃয়ে ২০২২ চনৰ ১৯ ​​এপ্ৰিলত মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল, য’ত ২০২২ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁৰ ভুৱা মৃত্যুৰ তথ্য দিয়া হৈছিল।

এই মৃত্যুৰ প্ৰমাণ পত্ৰৰ ভিত্তিত আদালতে গোচৰটো বন্ধ কৰি দিয়ে। কিন্তু শপতনামা দাঙি ধৰা ভুক্তভোগীৰ পৰিয়াল তথা অধিবক্তা উমেশ প্ৰসাদে যেতিয়া জিলা জনসংযোগ প্ৰতিকাৰ বিষয়াৰ ওচৰত অভিযোগ কৰে তেতিয়া সমগ্ৰ বিষয়টো পোহৰলৈ আহে।

ইয়াৰ পিছতে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে অভিযুক্ত শিক্ষকজনক। বৰ্তমান আদালতে ১৪ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে শিক্ষকজনক।