পুনৰ অংক ছাৰৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ ছাত্ৰীৰ, নিলম্বনৰ লগতে আটক হ’ল ছাৰ…

পুনৰ এগৰাকী অংক ছাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে ছাত্ৰীক যৌন আতিশয্যৰ অভিযোগ।

 প্ৰধান শিক্ষয়িত্ৰীয়েই দাখিল কৰা অভিযোগৰ ভিত্তিত নিলম্বন হোৱাৰ লগতে আটক হ’ল ছাৰ।

এই ঘটনা ৰঙিয়াৰ পদুম কুৱঁৰী কলেজিয়েট হাইস্কুলৰ।

হাইস্কুলখনৰ বিনোদ কুমাৰ গোস্বামী নামৰ সহকাৰী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।

অভিযোগৰ পাছতে কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে ১৫ অক্টোবৰ তাৰিখে এক আদেশৰ জৰিয়তে বিনোদ কুমাৰ গোস্বামীক নিলম্বন কৰে।

উল্লেখ্য যে, এই লম্পট শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়খনৰ প্ৰধানশিক্ষয়িত্ৰীয়েই লিখিত অভিযোগ দাখিল কৰিছিল ৰঙিয়া আৰক্ষীৰ লগতে কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ ওচৰত।

ইয়াৰ পিছতেই কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকে অভিযুক্ত শিক্ষকগৰাকীক ঘটনা সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

কিন্তু আজি পৰ্যন্ত কোনো উত্তৰ দিব নোৱাৰাত শিক্ষকগৰাকীক আচাম চাৰ্ভিচেচ ৰুল, ১৯৬৮ৰ ভিত্তিত ১৫ অক্টোবৰৰ এক আদেশৰ জৰিয়তে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ জাৰি কৰে।

আনহাতে দেওবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিনোদ কুমাৰ গোস্বামীক।

ভাৰতীয় দণ্ডবিধিৰ 354 (A) ধাৰাৰ উপৰিও POCSO আইনৰ অধীনত শিক্ষক বিনোদ গোস্বামীৰ বিৰুদ্ধে ৰঙিয়া থানাত এটি গোচৰ ৰুজু হৈছিল

1 thought on “পুনৰ অংক ছাৰৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ ছাত্ৰীৰ, নিলম্বনৰ লগতে আটক হ’ল ছাৰ…”

Comments are closed.