অসমীয়াঅসম

মৰ্মান্তিক! নিশা উভতিছিল শহুৰৰ ঘৰৰ পৰা, আধা বাটতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু স্বামী-স্ত্ৰীৰ, আহত কণমানি সন্তানটি…

নিউজ ডেস্কঃ শহুৰৰ ঘৰৰ পৰা নিশা ওভতাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল’লে এহাল স্বামী-স্ত্ৰীয়ে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হয় নলবাৰী জিলাৰ মুগকুছিত।

ভয়ংকৰ দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে দম্পতীহালৰ কণমানি সন্তানৰ।

image 131

দুৰ্ঘটনাত নিহত দম্পতীহালক অময়াপুৰৰ কুছিয়াপাৰাৰ সঞ্জয় শৰ্মা আৰু মানসী শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, নিশা সঞ্জয় শৰ্মাই পত্নী মানসী আৰু পুত্ৰ নিশান শৰ্মাৰ সৈতে শহুৰৰ ঘৰৰ পৰা স্বগৃহলৈ উভতিছিল।

image 135

সেই সময়তে মুগকুছিত তেওঁলোকৰ চাৰিচকীয়া বাহনখন দুৰ্ঘটনাত পতিত হয়।

image 132

দুৰ্ঘটনাৰ ফলত স্বামী-স্ত্ৰীহালৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কণমানি পুত্ৰ নিশান।

image 134

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত শিশুটিক হাস্পতালত ভৰ্তি কৰোৱায়।

image 133

গাড়ী চলাই থাকোতে টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে।