অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! পুৱা ৪ বজাৰ পৰাই আৰম্ভ হৈছিল কৰ্মব্যস্ততা, গোহালিতে কিতাপ পঢ়ি আজি ন্যায়াধীশ হ’ল সোণল শৰ্মা…

নিউজ ডেস্কঃ দিনটোৰ ব্যস্ততা আৰম্ভ হৈছিল পুৱা ৪ বজাৰ পৰা।

বিচনাৰ পৰা উঠাৰ পিছতে তেওঁৰ প্ৰথম কাম আছিল গৰুৰ গাখীৰ খিৰোৱা।

তাৰ পিছত গৰু এৰাল দিয়াৰ পৰা গোহালিৰ গোবৰ পেলোৱালৈকে সকলো কামতে দেউতাকক সহায় কৰি দিছিল ছোৱালীজনীয়ে।

দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনেই আছিল দুগ্ধ উৎপাদন।

image 126

উৎপাদন কৰা গাখীৰ দোকান আৰু ঘৰে ঘৰে বিলাবলৈও তেওঁ গৈছিল।

কিন্তু ইমানখিনি কৰ্ম ব্যস্ততাৰ মাজতো তেওঁ সময় উলিয়াইছিল অধ্যয়নৰ বাবে। গৰুৰ চোৱা-চিতাৰ মাজতে গোহালিতে কিতাপখন মেলি লৈ তেওঁ পঢ়িছিল।

আৰু এই পৰিশ্ৰম, একাগ্ৰতাৰ বাবেই অৱশেষত তেওঁ লাভ কৰিবলৈ সক্ষম হ’ল সফলতা।

image 127

২৬ বৰ্ষীয় যুৱতীগৰাকী এতিয়া এগৰাকী ন্যায়াধীশ।

বি এ, এল এল এম আৰু এল এল বিত স্বৰ্ণপদক লাভ কৰা যুৱতীগৰাকীৰ নাম হৈছে সোণল শৰ্মা। ৰাজস্থানৰ এখন সৰু গাঁৱত তেওঁৰ ঘৰ।

সোণল শৰ্মাৰ পিতৃ খেয়ালি লাল শৰ্মা এগৰাকী গাখীৰ বিক্ৰেতা। পিতৃৰ আলাসৰ লাড়ু সোণল শৰ্মাই সকলো কামতে সহায় কৰি দিছিল পিতৃক।

গোহালিতে পঢ়ি পঢ়ি ২০১৮ চনত আৰ জে এছ পৰীক্ষাত অৱতীৰ্ণ হৈছিল সোণল। ২০১৯ চনৰ নৱেম্বৰত এই পৰীক্ষাৰ ফলাফল প্ৰকাশ পায়।

image 128

অৱশ্যে জেনেৰেল মেৰিট লিষ্টত এটা নম্বৰ পিছ পৰি থকাৰ বাবে ফলাফলৰ ৱেইটিং লিষ্টত থাকিবলগীয়া হৈছিল সোণল।

কিন্তু পৰীক্ষাত নিৰ্বাচিত ৭ গৰাকী প্ৰাৰ্থীয়ে কৰ্তব্যত যোগদান নকৰাত অৱশেষত পলমকৈ হ’লেও সোণল শৰ্মাক বাছনি কৰা হয়।

এবছৰৰ প্ৰশিক্ষণৰ পিছত এতিয়া ৰাজস্থানৰ অধিৱেশন আদালতত প্ৰথম শ্ৰেণীৰ দণ্ডাধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ২৬ বৰ্ষীয় সোণলে।

image 129

সোণলে কেতিয়াও কোচিং বা টিউচন লোৱা নাছিল।

দামী কিতাপৰ সামৰ্থ্য নাছিল বাবে তেওঁ লাইব্ৰেৰীত ঘণ্টাৰ পিছত ঘণ্টা সময় কটাবলৈ কলেজলৈ গৈছিল।

image 130

সোণলে কয়, ”মোৰ মা-দেউতাই বহুত কষ্ট কৰি আমাক শিক্ষা প্ৰদান কৰিছে। আমাক পঢ়া-শুনা কৰাৰ খৰচ পূৰণৰ বাবে দেউতাই বহুত ঋণ লৈছিল। কেতিয়াও অভিযোগ কৰা নাছিল। এতিয়া মই তেওঁলোকক এটা আৰামদায়ক জীৱন দিব পাৰিম।’’