মৰ্মান্তিক! ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে দ্ৰুতবেগী বাহনে মহতিয়াই লৈ গ’ল ভক্তক, ৭ জনৰ মৃত্যু

নিউজ ডেস্কঃ মন্দিৰৰ শোভাযাত্ৰাৰ সময়তে এখন দ্ৰুতবেগী বাহনে কেইবাগৰাকীও ভক্তক মহতিয়াই নিয়াত ৭ জনৰ থিতাতে মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হয় ৫ জন।

সোমবাৰে সন্ধিয়া এই শোকাবহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ সোলাপুৰত।

মুম্বাইৰ পৰা প্ৰায় ৩৯০ কিলোমিটাৰ নিলগৰ সাংগোলা চহৰৰ সমীপত সন্ধিয়া প্ৰায় ৬.৪৫ বজাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

জানিব পৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত কোলহাপুৰ জিলাৰ জাথাৰবাড়ীৰ পৰা মন্দিৰ নগৰ পান্ধৰপুৰলৈ ৩২ জনীয়া তীৰ্থযাত্ৰীৰ এটা দলে ধৰ্মীয় পদযাত্ৰা (দিন্দী) কৰি গৈ থকা সময়তে সংঘটিত হয়. দুৰ্ঘটনাটো।

Gp
মৰ্মান্তিক! ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে দ্ৰুতবেগী বাহনে মহতিয়াই লৈ গ’ল ভক্তক, ৭ জনৰ মৃত্যু 2

তীৰ্থযাত্ৰীসকলে খোজকাঢ়ি গৈ থকা সময়তে এখন এছইউভি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পিছফালৰ পৰা তীৰ্থযাত্ৰীসকলক মহতিয়াই নিয়াত ৭ জনৰ মৃত্যু ঘটাৰ লগতে আন ৫ জন আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনক আটক কৰিছে।