কিশোৰী হত্যাৰ গোচৰৰ তদন্তত গাফিলতি! গ্ৰেপ্তাৰ নিলম্বিত OC উৎপল বৰাক…

নিউজ ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল ধূলা থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক।

এগৰাকী বনকৰা কিশোৰীৰ হত্যাৰ গোচৰত মঙলবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰে নিলম্বিত অ’চি জনক।

হত্যাকাণ্ডৰ গোচৰৰ তদন্তত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় উৎপল বৰাক।

জানিব পৰা মতে, চিআইডিৰ নেতৃত্বত এটা বিশেষ তদন্তকাৰী দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নিলম্বিত আৰক্ষী বিষয়াজনক।

উল্লেখ্য যে, এগৰাকী জনজাতীয় বনকৰা কিশোৰীৰ মৃত্যুৰ তদন্তত গাফিলতি উত্থাপন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ হৈছিল।

এই গোচৰত ইতিমধ্যে আন তিনিজন আৰক্ষী বিষয়াকো নিলম্বন কৰা হৈছিল।