নিউজ ডেস্কঃ ভৰা নৈত ডুবিবলৈ ধৰা এগৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰি সৰ্বত্ৰে প্ৰশংসিত হৈছে এগৰাকী আৰক্ষী বিষয়া।
ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙেও আৰক্ষী বিষয়াগৰাকীৰ সাহসিকতাৰ শলাগ লৈ প্ৰশংসাৰে উপচাই পেলাইছে।

জানিব পৰা মতে, কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ তিনখাল সেতুৰ ওপৰৰ পৰা এজন ব্যক্তিয়ে মঙলবাৰে পুৱা লংগাই নদীত জাঁপ দি আত্মহত্যাৰ চেষ্টা চলায়।
ব্যক্তিজনে নৈত জাঁপ দিয়া প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিত বসুমতাৰীক খবৰ দিয়ে।

ইয়াৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিজৰ জীৱনকো তুচ্ছ কৰি নৈত জঁপিয়াই পৰে আৰু লোকজনক উদ্ধাৰ কৰি পাৰলৈ আনে।
বৰ্তমান লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।
যোৱা ৩১ অক্টোবৰত নিজৰ জীৱনৰ নিৰাপত্তাক গুৰুত্ব নিদি @karimganjpolice ৰ পথাৰকান্দি থানাৰ পৰিদৰ্শক সমৰজিত বসুমতাৰীয়ে লঙ্গাই নদীত জঁপিয়াই এজন ডুবিব ধৰা ব্যক্তিক উদ্ধাৰ কৰে।তেওঁৰ এই আত্ম স্বাৰ্থ বিহীন সেৱা সমগ্ৰ @assampolice ৰ বাবেই গৌৰৱ। আমি তেওঁৰ এই সাহসিকতাক প্ৰণাম জনাইছোঁ। pic.twitter.com/A3yln9GB2T
— GP Singh (@gpsinghips) November 1, 2022
ইপিনে নিজৰ জীৱনক বিপদাপন্ন কৰি এজন ব্যক্তিৰ বাবে নৈত জঁপিয়াই পৰা অ’চি সমৰজিত বসুমতাৰীৰ সাহসিকতাৰ প্ৰশংসা কৰিছে অঞ্চলবাসীৰ লগতে বিভিন্নজনে।









