মৰ্মান্তিক! তীৰ্থ ধাম দৰ্শন কৰি ওভতাৰ পথতে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, পত্নী-পুত্ৰ-শাহু-খুুলশালীসহ মৃত্যু ব্যৱসায়ীৰ

নিউজ ডেস্কঃ তীৰ্থ ধামৰ পৰা উভতি অহাৰ পথতে দেওবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ শিশু আৰু মহিলাসহ ৫ জনকৈ সদস্যই।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আহমেদাবাদ-ভৱনগৰ ঘাইপথৰ আঘেলাই ছেক্সনৰ সমীপত।

এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত নিশা সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৰাজস্থানৰ জলৌৰক ভীনমলৰ মুৰ্ছিম গাঁৱৰ নিৱাসী এটা জৈন পৰিয়ালৰ ৫ জনকৈ সদস্যই।

image 144
মৰ্মান্তিক! তীৰ্থ ধাম দৰ্শন কৰি ওভতাৰ পথতে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, পত্নী-পুত্ৰ-শাহু-খুুলশালীসহ মৃত্যু ব্যৱসায়ীৰ 3

ব্যৱসায়িক সূত্ৰে গুজৰাটৰ আহমেদাবাত বাস কৰা পৰিয়ালটোৱে দেওবাৰে পালিতানা তীৰ্থ ধাম দৰ্শন কৰি আহমেদাবলৈ উভতি অহাৰ পথতে নিশা প্ৰায় ১০-৩০ বজাত আঘেলাই ছেক্সনৰ সমীপত এখন ট্ৰাকে তেওঁলোকৰ বাহনখনত খুন্দা মাৰে।

এই দুৰ্ঘটনাত বাহনখনত থকা মহাবীৰ জৈন (৪০), তেওঁৰ পত্নী ৰমিলা জৈন (৩১), পুত্ৰ জৈনম (৯), শাহু পুষ্পা দেৱী (৬০) আৰু খুলশালী নৰেশ জৈন (৩২)ৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

জানিব পৰা মতে, মহাবীৰ জৈনৰ আহমেদাবাদত ধাতুৰ ব্যৱসায় আছে। কিছুদিন পূৰ্বে তেওঁ পৰিয়ালক লগত লৈ ৰাজস্থানৰ মুৰ্চিমৰ জন্ম গাঁৱত থকা পিতৃ-মাতৃৰ ওচৰলৈ আহিছিল।

image 145
মৰ্মান্তিক! তীৰ্থ ধাম দৰ্শন কৰি ওভতাৰ পথতে সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা, পত্নী-পুত্ৰ-শাহু-খুুলশালীসহ মৃত্যু ব্যৱসায়ীৰ 4

তাৰ পৰা তেওঁলোকে দেওবাৰে পালিতানা তীৰ্থ ধাম দৰ্শন কৰি পুনৰ আহমেদালৈ ওভতাৰ পথতে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

আনহাতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাবীৰ জৈনৰ খুলশালী নৰেশ জৈনৰ পত্নী বৰ্তমান গৰ্ভৱতী বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোত পৰিয়ালটোৰ ৫ জনকৈ সদস্যই কৰুণ মৃত্যুক সাৱটি লোৱাত শোকত ভাগি পৰিছে পৰিয়ালটো। আনহাতে এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে ৰাজস্থানৰ জন্মগাঁও মুৰ্চিম আৰু আহমেদাবাদতো।