দ্য কাশ্মীৰ ফাইলছৰ সফলতাৰ পিছত এইবাৰ আহি আছে ছিকুৱেল! ছবিখনৰ মুক্তিৰ বিষয়ে এই ইংগিত দিলে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে…

নিউজ ডেস্কঃ দ্য কাশ্মীৰ ফাইলছৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ শীঘ্ৰে আহি আছে দ্য কাশ্মীৰ ফাইলছ-২।

কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা নিৰ্যাতনৰ আলমত ছবি নিৰ্মাণ কৰি ৰাজনৈতিক ছত্ৰছায়াত কোটি কোটি টকাৰ ব্যৱসায় কৰা চলিত বৰ্ষৰ অন্যতম সফল আৰু প্ৰভাৱশালী কাশ্মীৰী ফাইলছৰ ছিকুৱেল নিৰ্মাণত ব্যস্ত পৰিচালত বিবেক ৰঞ্জন অগ্নিহোত্ৰী।

টুইটাৰত দ্য কাশ্মীৰ ফাইলছৰ দ্বিতীয় সংস্কৰণ নিৰ্মাণৰ ইংগিত প্ৰদান কৰিছে বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে।

উল্লেখ্য যে, চলিত বছৰৰ মাৰ্চ মাহত মুক্তি লাভ কৰিছিল দ্য কাশ্মীৰ ফাইলছ।

কাশ্মীৰী পণ্ডিত সকলৰ ওপৰত জম্মু-কাশ্মীৰত হোৱা নিৰ্যাতনৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰচাৰত নামি পৰিছিল খোদ প্ৰধানমন্ত্ৰীৰ লগতে বিজেপি-আৰএছএছ।

ৰাজনৈতিক দৃষ্টিকোণেৰে এই ছবিখনে যথেষ্ট প্ৰভাৱ পেলাইছিল জনতাৰ মাজত। যাৰ ফলস্বৰূপে মাত্ৰ ১৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা দ্য কাশ্মীৰ ফাইলছে সমগ্ৰ ভাৰতত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৩৪০ কোটি টকা।

সামাজিক মাধ্যমত অনুৰাগীয়ে দ্য কাশ্মীৰ ফাইলছৰ ছিকুৱেলৰ সন্দৰ্ভত পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ পৰা উত্তৰ বিচৰাত টুইটযোগে ছবিখনৰ ছিকুৱেল নিৰ্মাণৰ কাম চলি থকা বুলি জানিবলৈ দিয়ে অগ্নিহোত্ৰীয়ে।

২০২৩ চনৰ মধ্য ভাগত এই ছবিখনৰ ছিকুৱেল অৰ্থাৎ দ্য কাশ্মীৰ ফাইলছ-২ মুকলি কৰাৰ ইংগিতো প্ৰদান কৰে পৰিচালকগৰাকীয়ে।