মৰ্মান্তিক! চোতালত গাড়ী চলাবলৈ শিকি থকা মাতৃৰ গাড়ীৰ চকাত পিষ্ট হৈ কৰুণ মৃত্যু ৩ বছৰীয়া কন্যা মৰিয়মৰ…

নিউজ ডেস্কঃ মাতৃয়ে ঘৰৰ চোতালত গাড়ী চলাবলৈ শিকি থকা সময়তে গাড়ীৰ চকাৰ তলত পিষ্ট হৈ মৃত্যু ঘটিল এটি তিনি বছৰীয়া কণমানিৰ।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে কেৰালাৰ কাঝিকোডৰ কোডুৱল্লীত।

জানিব পৰা মতে, কোডুৱল্লীৰ ইংগাপুঝাৰ নিৱাসী নাজিৰৰ পত্নী লুবনা ফেবিনিয়ে শুকুৰবাৰে পুুৱা ঘৰৰ চোতালতে চাৰিচকীয়া গাড়ীখন চলাবলৈ শিকি আছিল।

image 121
মৰ্মান্তিক! চোতালত গাড়ী চলাবলৈ শিকি থকা মাতৃৰ গাড়ীৰ চকাত পিষ্ট হৈ কৰুণ মৃত্যু ৩ বছৰীয়া কন্যা মৰিয়মৰ… 5

সেই সময়ত মহিলাগৰাকীয়ে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাতে চোতালতে খেলি থকা তেওঁলোকৰ তিনি বছৰীয়া কন্যা মৰিয়ম নাজিৰৰ গাৰ ওপৰেৰে গাড়ীখন পাৰ হৈ যায়।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শিশুটিক ততাতৈয়াকৈ ওচৰৰ এখন ব্যক্তিগত হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

image 122
মৰ্মান্তিক! চোতালত গাড়ী চলাবলৈ শিকি থকা মাতৃৰ গাড়ীৰ চকাত পিষ্ট হৈ কৰুণ মৃত্যু ৩ বছৰীয়া কন্যা মৰিয়মৰ… 6

মাতৃৰ গাড়ীৰ চকাত পিষ্ট হৈ এনেদৰে এটি শিশুৰ কৰুণ মৃত্যু ঘটা ঘটনাই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোক শোকস্তব্ধ কৰি তুলিছে।

লগতে চাওকঃ

ডায়েৰী… তোমাক মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে আজিৰ পৰা ল’লোঃ ডায়েৰীৰ পৃষ্ঠাত সময়ক ধৰি ৰাখিব বিচৰা তেজস্বিতা গুচি গ’ল এনেকৈয়ে…

G01 2
মৰ্মান্তিক! চোতালত গাড়ী চলাবলৈ শিকি থকা মাতৃৰ গাড়ীৰ চকাত পিষ্ট হৈ কৰুণ মৃত্যু ৩ বছৰীয়া কন্যা মৰিয়মৰ… 7

মৰ্মান্তিক! পিতৃৰ সৈতে নাওখেল চাবলৈ আহি নৈত সলিল সমাধি ৬ বছৰীয়া কন্যা শিশুৰ

image 123
মৰ্মান্তিক! চোতালত গাড়ী চলাবলৈ শিকি থকা মাতৃৰ গাড়ীৰ চকাত পিষ্ট হৈ কৰুণ মৃত্যু ৩ বছৰীয়া কন্যা মৰিয়মৰ… 8