শোকাবহ! কণ্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ BMW বাহনৰ, চিকিৎসকসহ ৪ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ শুকুৰবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী চিকিৎসকসহ ৪ জনৰ মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালক।

উত্তৰ প্ৰদেশৰ চুলতানপুৰত শুকুৰবাৰে সন্ধিয়া এখন কণ্টেইনাৰ ট্ৰাক আৰু এখন বিএমডব্লিউৰ মাজত সংঘটিত সংঘৰ্ষত নিহত হয় ৪ জনকৈ লোক।

দুৰ্ঘটনাত নিহত সকলক বিহাৰৰ ৰোহতাছ জিলাৰ দেহৰীৰ নিৱাসী চিকিৎসক তথা জেডিইউ নেতাৰ পুত্ৰ ডা০ আনন্দ কুমাৰ, বলভদ্ৰপুৰৰ নিৱাসী দীপক কুমাৰ, অখিলেশ সিং আৰু ভোলা কুশৱাহা বুলি চিনাক্ত কৰা হৈছে।

image 110
শোকাবহ! কণ্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ BMW বাহনৰ, চিকিৎসকসহ ৪ জনৰ কৰুণ মৃত্যু 3

জানিব পৰা মতে, জামুহাৰৰ NMCHৰ কুষ্ঠৰোগ বিভাগত HOD হিচাপে কৰ্তব্যৰত চিকিৎসক ডা০ আনন্দ কুমাৰে শুকুৰবাৰে ৩ বন্ধুৰ সৈতে দেহৰিৰ পৰা উত্তৰ প্ৰদেশৰ ফৈজাবাদলৈ বিএমডব্লিউ বাহনেৰে গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত তেওঁলোকে যাত্ৰা কৰা বাহনখনে এখন কণ্টেইনাৰ ট্ৰাকত খুন্দা মৰাৰ ফলত বাহনখনত থকা চাৰিও জনৰে ঘটনাস্থলীতে মৃত্যু ঘটে।

image 111
শোকাবহ! কণ্টেইনাৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ BMW বাহনৰ, চিকিৎসকসহ ৪ জনৰ কৰুণ মৃত্যু 4

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখ্য যে, ঔৰংগাবাদৰ ৰোহতাছকে ধৰি বহু জিলাৰ এগৰাকী সুপৰিচিত চিকিৎসক ডা০ আনন্দ কুমাৰে মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

পথ দুৰ্ঘটনাত চিকিৎসকগৰাকীৰ লগতে ৪ জনকৈ লোকৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।