নিউজ ডেস্কঃ বিবাহ অনুষ্ঠানলৈ গৈ থকা সময়তে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে কমেও ২০ জন লোক গুৰুতৰভাৱে আহত হয়।
বুধবাৰে নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় অন্ধ্ৰপ্ৰদেশৰ চিত্তৰৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ পুথালাপট্টু মণ্ডলৰ লক্ষ্মনাইভুৰু গাঁৱত।
জানিব পৰা মতে, ইৰালা মণ্ডলৰ জাংগলাপল্লে গাঁৱৰ একাংশ লোকে বুধবাৰে নিশা চুবুৰীয়া পুথালাপট্টু মণ্ডলৰ জেট্টিপল্লে গাঁৱৰ এক বিবাহ অনুষ্ঠানলৈ ট্ৰেক্টৰেৰে গৈ থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাত তিনিগৰাকী মহিলা, ট্ৰেক্টৰ চালক আৰু দুটি শিশুসহ ৬ জন লোকৰ মৃত্যু ঘটে।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। আহত সকলৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
নিহত সকলক সুৰেন্দ্ৰ ৰেড্ডী (৫২), বসন্তম্মা (৫০), ৰেড্ডাম্মা (৩১), তেজা (২৫), বিনিশা (৩) আৰু দেশিকা (২) বুলি চিনাক্ত কৰা হৈছে।
ইফালে দুৰ্ঘটনাস্থলীত জিলা উপায়ুক্ত উপস্থিত হৈ নিহত সকলৰ পৰিয়ালক সাক্ষাৎ কৰাৰ লগতে পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস দিয়ে।









