হেডফোনেই হ’ল কাল! গান শুনি গৈ থাকোতেই ৰে’লে মহটিয়াই নিলে যুৱকক…

ৰে’লপথৰ ওপৰেৰে কাণত হেডফোন লগাই গান শুনি যোৱাই কাল হ’ল এজন যুৱকৰ।

তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে যুৱকক।

মৰিয়নিৰ চেলেংহাটত পুৱাই সংঘটিত হয় এই অঘটন।

হেডফোন লগাই ৰে’লপথত খোজ কাঢ়ি গৈ থকা অৱস্থাত এখন ৰে’লে মহটিয়াই নিয়ে যুৱকজনক।

নিহত যুৱকজন মৰাণ পথালিবামৰ উমেশ চাওৰা বুলি জানিব পৰা গৈছে।

বুধবাৰে ৰাতিপুৱা প্ৰায় ৭মান বজাত সংঘটিত হয় এই শোকাৱহ ৰে’ল দুৰ্ঘটনাটো।

যুৱকজন চেলেংহাটৰ বৈছাহাবি চাওৰা লাইনৰ এঘৰলৈ ফুৰিবলৈ আহিছিল।

কাণত হেড ফোন লগাই গান শুনি ৰে’লপথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত ৰে’লৰ হৰ্ন নুশুনাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

ঘটনাস্থলীত চেলেংহাট আৰক্ষী আৰু মৰিয়নি ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।