মৰ্মান্তিক! চিনেমা হলত ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেল উপভোগ কৰি থাকোতেই হঠাৎ বিকট চিঞৰ মাৰি অচেতন হৈ পৰিল বিতু গগৈ, মৃত্যু

নিউজ ডেস্কঃ দেওবাৰে অনুষ্ঠিত হোৱা ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ ক্ৰিকেট খেলখন চিনেমা গৃহত উপভোগ কৰি থকাৰ সময়তে আকস্মিকভাৱে অচেতন হৈ পৰি মৃত্যুক সাৱটিলে এজন যুৱকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত।

নিহত যুৱকজনৰ পৰিচয় শিৱসাগৰ চহৰৰ গণকপট্টী কৃষ্ণ নগৰৰ নিৱাসী দ্বিজেন গগৈৰ পুত্ৰ বিতু গগৈ (৩৪) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দেওবাৰে বিতু গগৈয়ে আন তিনিজন বন্ধুৰ সৈতে আবেলি ভটীয়াপাৰাৰ ভাস্কৰজ্যোতি চিনেমা হলত ভাৰত-পাকিস্তানৰ মাজৰ খেলখন উপভোগ কৰিবলৈ গৈছিল।

বন্ধুৰ সৈতে বিতু গগৈয়ে চিনেমা হলৰ টিকট ক্ৰয় কৰি ডাঙৰ পৰ্দাত ৰোমাঞ্চকৰ খেলখন উপভোগ কৰি থকাৰ সময়তে হঠাৎ এটা বিকট চিঞৰ মাৰি অচেতন হৈ পৰে যুৱকজন।

লগে লগে তেওঁৰ বন্ধু আৰু আন আন সকলে যুৱকজনক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা বিতু গগৈৰ পত্নী এতিয়া ৫ মাহৰ অন্তঃসত্বা। এনে সময়তে যুৱকজনৰ আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে পত্নীৰ লগতে গোটেই পৰিয়াল।

এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।