শোকাবহ! গীৰ্জাৰ পৰা পুত্ৰৰ সৈতে ওভতাৰ পথতে বাইকৰ চকাত ডিঙিৰ দুপাত্তা আৱদ্ধ হৈ কৰুণ মৃত্যু মহিলাৰ…

নিউজ ডেস্কঃ পুত্ৰৰ সৈতে বাইক যাত্ৰাৰ সময়তে ডিঙিৰ দুপাত্তা বাইকৰ চকাত আৱদ্ধ হৈ পৰা ফাঁচী লৈ প্ৰাণ গ’ল এগৰাকী মহিলাৰ।

দেওবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় কেৰালাৰ ইড্ডুকি জিলাৰ চিত্তপুৰমৰ মীনকেট্টুত।

জানিব পৰা মতে, বিয়লি প্ৰায় ২ বজাত মহিলাগৰাকীয়ে পুত্ৰৰ সৈতে বাইকেৰে গীৰ্জা ঘৰৰ পৰা ওভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

নিহত মহিলাগৰাকীক ইড্ডুকিৰ আদিমালিৰ মাতিলদা বুলি চিনাক্ত কৰা হৈছে।

woman died kerala
শোকাবহ! গীৰ্জাৰ পৰা পুত্ৰৰ সৈতে ওভতাৰ পথতে বাইকৰ চকাত ডিঙিৰ দুপাত্তা আৱদ্ধ হৈ কৰুণ মৃত্যু মহিলাৰ… 2

বাইকৰ চকাত দুপাত্তা আৱদ্ধ হৈ পৰাত ডিঙিত ফাঁচী লাগি গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক লগে লগে চিত্তপুৰমৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

৪৫ বৰ্ষীয় মহিলাগৰাকীৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।