অৱশেষত পূৰণ হ’ল শ্বেৰমান আলীৰ ইচ্ছা! কলাক্ষেত্ৰত নহ’লেও অসমৰ মাটিত স্থাপন হ’ল মিঞা মিউজিয়াম…

নিউজ ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিধায়ক শ্বেৰমান আলীৰ মিঞা মিউজিয়াম স্থাপনৰ সপোন সাৰ্থক নহ’লেও ৰাজ্যত এতিয়া স্থাপন হ’ল মিঞা মিউজিয়াম।

গোৱালপাৰা জিলাৰ লক্ষীপুৰত দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ল এটা মিঞা মিউজিয়ামৰ।

অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী বুলি দাবী কৰা মিঞা সকলৰ ভাষা-সংস্কৃতিক প্ৰদৰ্শনৰ বাবে স্থাপন কৰা এই মিঞা মিউজিয়ামটো স্থাপন কৰে অসম-মিঞা (অসমীয়া) পৰিষদে।

লক্ষ্মীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জলেশ্বৰ সমষ্টিৰ দাপকাৰভিটা গাঁৱৰ আলী কমপ্লেক্সত স্থাপন কৰা মিঞা মিউজিয়ামটোৰ দেওবাৰে উদ্বোধন কৰে আহোম ৰয়েল ছ’চাইটিৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়াই।

photo1666603871
অৱশেষত পূৰণ হ’ল শ্বেৰমান আলীৰ ইচ্ছা! কলাক্ষেত্ৰত নহ’লেও অসমৰ মাটিত স্থাপন হ’ল মিঞা মিউজিয়াম… 2

উল্লেখ্য যে, পূৰ্বে বিধায়ক শ্বেৰমান আলীয়ে কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ প্ৰসংগ বিধানসভাৰ মজিয়াত উত্থাপন কৰিছিল।

কিন্তু শ্বেৰমান আলীৰ প্ৰস্তাৱত চৰকাৰে সমৰ্থন নকৰাত মিঞা মিউজিয়াম স্থাপনৰ সপোন সপোন হৈয়ে ৰয় বিধায়কজনৰ বিৰুদ্ধে।

তাৰ পিছতে গোৱালপাৰাৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত মিঞা মিউজিয়াম স্থাপন কৰাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিজেপি বিধায়ক প্ৰশান্ত ফুকন, শিলাদিত্য দেৱ আদিৰ লগতে অনেকেই এই মিউজিয়ামৰ বিৰোধিতা কৰিছে।