মৰ্মান্তিক! ঘন কুঁৱলীৰ বাবে ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ, মহিলা-শিশুসহ ৯জনৰ মৃত্যু

নিউজ ডেস্কঃ ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণহীন হৈ এখন চাৰিচকীয়া বাহন আৰু এখন ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষত কমেও ৯ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে এটি শিশু গুৰুতৰভাৱে আহত হয়।

বৃহস্পতিবাৰে পুৱা এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ ৰেপলি অঞ্চলৰ গোৱা-মুম্বাই ঘাইপথত।

জানিব পৰা মতে, যাত্ৰী কঢ়িয়াই অনা এখন চাৰিচকীয়া বাহনে ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

image 39
মৰ্মান্তিক! ঘন কুঁৱলীৰ বাবে ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ, মহিলা-শিশুসহ ৯জনৰ মৃত্যু 3

এই ভয়ংকৰ দুৰ্ঘটনাটোত ৩ গৰাকী মহিলা আৰু এটি শিশুসহ ৯ জন লোকৰ থিতাতে মৃত্যু ঘটে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ট্ৰাকখন মুম্বাই অভিমুখে আৰু চাৰিচকীয়া বাহনখন ৰত্নাগিৰি জিলাৰ গুহাগড়লৈ গৈ আছিল।

image 40
মৰ্মান্তিক! ঘন কুঁৱলীৰ বাবে ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষ, মহিলা-শিশুসহ ৯জনৰ মৃত্যু 4

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত শিশুটিক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।