আকৌ ত্ৰাণকৰ্তাৰ ৰূপত চনু সুদ! বিমানবন্দৰত এনেদৰে জীৱন ৰক্ষা কৰিলে যাত্ৰীৰ…

নিউজ ডেস্কঃ পুনৰ ত্ৰাণকৰ্তাৰ ৰূপত দেখা গ’ল অভিনেতা চনু সুদক।

কোভিড কালত লাখ লাখ ভাৰতীয়ৰ কাষত দেৱদূত হৈ থিয় দিয়া জনপ্ৰিয় অভিনেতাগৰাকীয়ে এইবাৰ বিমান বন্দৰত নিজৰ বুদ্ধিমত্তাৰে জীৱন ৰক্ষা কৰিলে এজন ব্যক্তিৰ।

চনু সুদৰ এই কাৰ্যই পুনৰ এবাৰ মন জয় কৰিছে তেওঁৰ দেশ-বিদেশে থকা অলেখ অনুৰাগীৰ।

image 41
আকৌ ত্ৰাণকৰ্তাৰ ৰূপত চনু সুদ! বিমানবন্দৰত এনেদৰে জীৱন ৰক্ষা কৰিলে যাত্ৰীৰ… 4

জানিব পৰা মতে, অভিনেতাগৰাকীয়ে ডুবাইৰ পৰা ভাৰত অভিমুখে উভতিবলৈ বিমান বন্দৰত উপস্থিত হোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

বাতৰি অনুসৰি, চনু সুদে ডুবাই বিমান বন্দৰৰ ইমিগ্ৰেশ্যন ডেস্কত শাৰী পাতি থিয় হৈ থকা সময়তে এজন ব্যক্তিৰ চিৎকাৰ শুনিবলৈ পায়।

লগে লগে কি হৈছে সেয়া চাবলৈ চেষ্টা কৰোতে অভিনেতাগৰাকীয়ে দেখা পায় যে এজন আদহীয়া ব্যক্তি অচেতন হৈ মজিয়াত পৰি গৈছে।

image 42
আকৌ ত্ৰাণকৰ্তাৰ ৰূপত চনু সুদ! বিমানবন্দৰত এনেদৰে জীৱন ৰক্ষা কৰিলে যাত্ৰীৰ… 5

অভিনেতাগৰাকীয়ে অলপো সময় নষ্ট নকৰাকৈ ব্যক্তিজনৰ কাষত উপস্থিত হয় আৰু প্ৰথমে এটা কুচন ব্যক্তিজনৰ মূৰৰ তলত দিয়ে।

তাৰ পিছতে ব্যক্তিজনক চিপিআৰ দিবলৈ আৰম্ভ কৰে চনু সুদে।

চনু সুদৰ এই তাৎক্ষণিক চিকিৎসাৰ বাবেই কিছু সময় পিছত চকু মেলি উঠি বহে ব্যক্তিজন।

image 43
আকৌ ত্ৰাণকৰ্তাৰ ৰূপত চনু সুদ! বিমানবন্দৰত এনেদৰে জীৱন ৰক্ষা কৰিলে যাত্ৰীৰ… 6

পৰৱৰ্তী সময়ত বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী আৰু স্বাস্থ্যকৰ্মী সেই স্থানত উপস্থিত হৈ ব্যক্তিজনক উপযুক্ত চিকিৎসা প্ৰদান কৰে।

অভিনেতাগৰাকীৰ এই কাৰ্যৰ বাবেই এজন ব্যক্তিৰ জীৱন ৰক্ষা পৰাত এতিয়া তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।