দুখবৰ! কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান

নিউজ ডেস্ক। কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান।

GMCH ত শেষ নিশ্বাস ত্যাগ জ্ঞানপীঠ বঁটা বিজয়ী কবিৰ।

বৃহস্পতিবাৰে পুৱা ১১.৫৫ বজাত চিকিৎসাধীন অৱস্থাতে ষ্ট্ৰোকত আক্ৰান্ত হৈ নীলমণি ফুকনে শেষ নিস্বাস ত্যাগ কৰে।

উল্লেখ্য যে চিকিৎসালয়খনৰ ভেণ্টিলেশ্যনত চিকিৎসাধীন হৈ আছিল কাব্যঋষি নীলমণি ফুকন।

উল্লেখ্য যে যোৱা বুধবাৰৰ পৰা বাৰ্ধক্যজনিত ৰােগত গুৰুতৰভাবে অসুস্থ হৈ পৰে জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন।

326184098 570105244664740 5755405772217344530 n
দুখবৰ! কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান 2

জানিব পৰা মতে, বুকত কফ জমা হৈ অৱস্থা জটিল হৈ পৰে।

সংকটজনক অৱস্থাত যোৱা বুধবাৰে বিয়লি মালিগাঁওৰ সঞ্জীৱনী হাস্পাতালত কবিজনাক ভৰ্তি কৰা কৰা।

সঞ্জীৱনী হাস্পাতালত অসম চৰকাৰে পঠিওৱা এটি বিশেষজ্ঞ চিকিৎসক দলে কবিজনাক কেইঘন্টামান চিকিৎসা কৰে।

অৱশেষত বুধবাৰে নিশা ১১ বজাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কবিগৰাকীৰ পুত্ৰৰ তত্বাবধানত কবিজনাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ আই চি ইউলৈ প্ৰেৰণ কৰা হয়।

১৯৩৩ চনৰ ১੦ ছেপ্টেম্বৰত গােলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা নীলমণি ফুকন অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক হিচাপে পৰিচিত।

‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’ ইত্যাদি তেওঁ অন্যতম উল্লেখনীয় গ্ৰন্থ।

‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।

১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।

ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ ২০০২ চনত প্ৰদান কৰা হয়।

কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে।

নতুন দিল্লী স্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে।

কবিতা
সূৰ্য হেনো নামি আহে এই নদীয়েদি, ১৯৬৩
নিৰ্জনতাৰ শব্দ, ১৯৬৫
আৰু কি নৈঃশব্দ্য্য, ১৯৬৮
জাপানী কবিতা, ১৯৭১
ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, ১৯৭৩
কাঁইট গোলাপ আৰু কাঁইট, ১৯৭৫
গোলাপী জামুৰ লগ্ন, ১৯৭৭
কবিতা, ১৯৮০ (সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত )
গাৰ্থিয়া লৰ্কাৰ কবিতা, ১৯৮১
নৃত্যৰতা পৃথিৱী, ১৯৮৫
সাগৰতলিৰ শংখ (হীৰেন গোহাঁইৰ দ্বাৰা নিৰ্বাচিত কবিতাৰ সংগ্ৰহ), ১৯৯৪
চীনা কবিতা, ১৯৯৬
অলপ আগতে আমি কি কথা পাতি আছিলোঁ, ২০০৩
কবিতাৰ সম্পাদনা
কুৰি শতিকাৰ অসমীয়া কবিতা, ১৯৭৭
অৰণ্যৰ গান, ১৯৯৩

অন্যান্য
লোক কল্পদৃষ্টি (অসমীয়া কলা-স্থাপত্যৰ পৰিচয়), ১৯৮৭
ৰূপ বৰ্ণ বাক (কলা আৰু কলাকাৰৰ প্ৰবন্ধ), ১৯৮৮
শিল্পকলাৰ উপলব্ধি আৰু আনন্দ, ১৯৯৭
শিল্পকলাৰ দৰ্শন, ১৯৯৮
পত্ৰগুচ্ছ, ২০২১ (নীলমণি ফুকনলৈ দিয়া চিঠিৰ সংগ্ৰহ, সম্পাদকঃ ৰাজীৱ বৰা)


আত্মজীৱনী
পাতি সোণাৰুৰ ফুল
পাহৰিব নোৱাৰিলো যি, ২০১৮

1 thought on “দুখবৰ! কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান”

Comments are closed.