মৰ্মান্তিক! গা ধুবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি দুটি কণমানিৰ…

নিউজ ডেস্কঃ পুখুৰীত নামি গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুটিকৈ কণমানি শিশুৰ। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ তিনিসুঁতি বিৰিজানত মঙলবাৰে সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, মঙলবাৰে বিৰিজানৰ তিনিটি শিশুৱে একেলগে ঘৰৰ ওচৰৰ দুদুল কৰ্মকাৰ নামৰ এজন লোকৰ বাৰীৰ পুখুৰীত গা ধুবলৈ গৈছিল।

child died in pond
মৰ্মান্তিক! গা ধুবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি দুটি কণমানিৰ… 2

পুখুৰীৰ পানীত নাম গা ধুই থকাৰ সময়তে দুটি শিশু দ পানীত পৰি ককবকাবলৈ ধৰে। সেয়া প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে শিশু দুটিক উদ্ধাৰ কৰি স্থানীয় হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে দুয়োটি শিশুকে মৃত ঘোষণা কৰে।

নিহত শিশু দুটিৰ পৰিচয় জ্যোতি কৰ্মকাৰ (৮) আৰু অশোক ওৰাং (৯) বুলি জানিব পৰা গৈছে।

শিশু দুটিৰ মৃত্যুৰ খবৰ লাভ কৰি কান্দোনত ভাগি পৰে পৰিয়াল। এই ঘটনাই শোকস্তব্ধ কৰিছে অঞ্চলবাসীকো।