ভয়ংকৰ দুৰ্ঘটনা! তীব্ৰবেগী বাহনে মহতিয়াই তিনিজনকৈ লোকক, থিতাতে নিহত এজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন তীব্ৰবেগী বাহনে মহতিয়াই তিনিজনকৈ লোকক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এজন লোক। গুৰুতৰভাৱে আহত দুজন।

ডিব্ৰুগড় নতুন আলি জয়পুৰ পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত থিতাতে নিহত হয় নতুন আলিৰ বছাপথাৰৰ নিৰ্মল দাস।

আনহাতে সংকটজনক অৱস্থাত এএমচিএইচলৈ প্ৰেৰণ কৰা আহত দুজনক।

আহত লোক দুজন নতুন আলিৰ বছাপথাৰ গাঁৱৰ বিক্ৰম মাহিলী আৰু লক্ষী পাটৰ।

ঘটনাক লৈ ঘটনাস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।

এএছ ০৬ জেড ৪৬১৭ নম্বৰৰ এখন তীব্ৰবেগী ব্ৰেজা বাহনখনে সংঘটিত কৰে এই দুৰ্ঘটনাটো।

ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত কৰে।

দুৰ্ঘটনাত পতিত লোককেইজন দিন হাজিৰা কৰিবলৈ ডিব্ৰুগড়লৈ যাবৰ বাবে পথৰ কাষত ৰৈ আছিল।