ম্যানমাৰৰ গভীৰ অৰণ্যত আলফা স্বাধীনে মৃত্যুদণ্ড বিহিছে নেকি একেখন গাঁৱৰ ৩ সদস্যক? পৰিয়ালত হাহাকাৰ

নিউজ ডেস্কঃ আলফা স্বাধীনৰ শিৱিৰত দুজনকৈ অসমীয়া যুৱকক মৃত্যুদণ্ড বিহাৰ খবৰ আৰু পেঙেৰীৰ প্ৰাক্তন আছু নেতা বিজু গগৈক হত্যাৰ বাতৰিয়ে বৰ্তমানো ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে। তাৰ মাজতে বিজু গগৈৰ একেটা অঞ্চলৰে আন চাৰিজন আলফা সদস্য গভীৰ অৰণ্যত মৃত্যুমুখত পৰাৰ বাতৰিয়ে এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

২০১১-১২ চনতে আলফা স্বাধীনত যোগদানৰ বাবে ঘৰৰ পৰা ওলাই যোৱা পেঙেৰীৰ তৰাণি গাঁৱৰ যুৱক কেইজনৰ মৃত্যুৰ বাতৰিয়ে ইকানে সিকানে লাভ কৰি এতিয়া উদ্বিগ্ন হৈ পৰিছে যুৱক কেইজনৰ পৰিয়ালো। তেওঁলোকৰ পৰিয়ালে এই সন্দৰ্ভত স্পষ্ট কৰিবলৈ পৰেশ বৰুৱাক দাবী জনাইছে।

উল্লেখ্য যে, স্বাধীন অসমৰ স্বপ্ন বুকুত বান্ধি আলফা স্বাধীনত যোগ দিছিল তৰাণি গাঁৱৰ বিনেশ্বৰ দহোটীয়াৰ পুত্ৰ নাল দহোটীয়া ওৰফে ৰত্নেশ্বৰ অসম, মুনীন্দ্ৰ মৰাণৰ পুত্ৰ গম্ভীৰ মৰাণ ওৰফে আনন্দ, ত্ৰৈলোক্য দহোটীয়াৰ পুত্ৰ সৰুকয় দহোটীয়া ওৰফে মন অসম আৰু দিলেশ্বৰ মৰাণৰ পুত্ৰ সৰুকণ মৰাণ ওৰফে অৰূপ অসমে।

photo1652947068
ম্যানমাৰৰ গভীৰ অৰণ্যত আলফা স্বাধীনে মৃত্যুদণ্ড বিহিছে নেকি একেখন গাঁৱৰ ৩ সদস্যক? পৰিয়ালত হাহাকাৰ 3

আলফা স্বাধীনত যোগ দিম বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাছিল যুৱক কেইজনৰ। ইফালে পৰৱৰ্তী সময়ত নাল দহোটিয়াই আলফাৰ শিৱিৰত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা বুলি কেনেবাকৈ খবৰ লাভ কৰে পৰিয়ালৰ লোকে। কিন্তু এই সন্দৰ্ভত আলফাৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্ট মন্তব্য প্ৰকাশ নকৰাত চিন্তিত হৈ আছে নালৰ পৰিয়াল।

photo1652947104
ম্যানমাৰৰ গভীৰ অৰণ্যত আলফা স্বাধীনে মৃত্যুদণ্ড বিহিছে নেকি একেখন গাঁৱৰ ৩ সদস্যক? পৰিয়ালত হাহাকাৰ 4

আনহাতে বাকী তিনিজন যুৱকৰ পৰিয়ালে আহুকাণে পহুকাণে এই খবৰ লাভ কৰে যে বিগত বৰ্ষত আলফাৰ শিৱিৰৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়ত সতীৰ্থৰ গুলীত তিনিওজন যুৱকে প্ৰাণ হেৰুৱায়।

এই খবৰ লাভ কৰি শোকত ম্ৰিয়মান হৈ পৰা যুৱক তিনিজনৰ পৰিয়ালে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰা স্পষ্টীকৰণ দাবী কৰি আহিছে যদিও এতিয়ালৈকে এই সন্দৰ্ভত কোনো মন্তব্য লাভ নকৰাত এই বাতৰিৰ সত্যাসত্যতাক লৈ দোমোজাত পৰিছে গম্ভীৰ, সৰুকয় আৰু সৰুকণৰ পৰিয়াল।

একেখন গাঁৱৰ তিনিজনকৈ যুৱকক আলফা স্বাধীনে মৃত্যুদণ্ড বিহিছে নেকি? সেই প্ৰশ্নই ৰহস্যৰ সৃষ্টি কৰিছে গাঁওখনতো। তিনিগৰাকী সদস্যক যদিহে আলফাই মৃত্যুদণ্ড দিছে সেই বাতৰিও ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালকেইটাই।

Leave a Comment