নিউজ ডেস্কঃ ভয়াবহ বানৰ কবলত পৰা বৰাকলৈ খাদ্য, ঔষধকে ধৰি সাহায্য প্ৰেৰণৰ এতিয়া একমাত্ৰ উপায় হৈছে বায়ু সেনাৰ বিমান।
প্ৰচণ্ড বান আৰু ভূমিস্খলনৰ ফলত অন্য প্ৰান্তৰ সৈতে বিচ্চিন্ন হৈ পৰা বৰাকলৈ আজি প্ৰেৰণ কৰা হৈছে খাদ্য সামগ্ৰী আৰু ঔষধ।

যোৰাহাটৰ পৰা বায়ু সেনাৰ কাৰ্গো বিমানেৰে কাছাৰ জিলাৰ বানপীড়িত সকলৰ মাজত বিতৰণৰ বাবে সাহায্য প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, বায়ু সেনাৰ এই সাহায্য বিমানৰ সৈতে বৰাকলৈ গৈছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালো। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে ইয়াৰ কিছু ছবি।

প্ৰণিধানযোগ্য যে, বৰাকত এতিয়া তীব্ৰ খাদ্য সংকটে দেখা দিছে। উপত্যকাৰ প্ৰায় সকলো ঘাই পথ প্ৰচণ্ড বান আৰু ভূমিস্খলনত উটি গৈছে। আনহাতে ৰে’ল ষ্টেছনতো বান আৰু ভূমিস্খলনে সৃষ্টি কৰিছে আতংকময় পৰিস্থিতিৰ।