নিউজ ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ৰ আঁত ধৰিয়েই হাৰিয়ানাত আৱদ্ধ হৈ থকা অসমৰ এজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত।
উল্লেখ্য যে, লকডাউনৰ পূৰ্বে কৰ্মৰ সন্ধানত বাক্সাৰ পৰা হাৰিয়ানালৈ গৈছিল আনন্দ বাৰাইক ওৰফে বাহাদুৰ নামৰ লোকজন। কিন্তু বিগত দুটা বছৰে তেওঁ হাৰিয়ানাতে আবদ্ধ হৈ পৰিছিল।
মেৱাটৰ বিৰণ সাগৰ নামৰ এজন লোকে জোৰ কৰি তেওঁক নিজৰ ঘেঁহু খেতিত শ্ৰমিক হিচাপে বিনা পাৰিশ্ৰমিকত বন্দী কৰি ৰাখিছিল যোৱা দুটা বছৰে।
আনন্দ বাৰাইকৈ ঘৰলৈ অহাৰ কথা ক’লেই শাৰিৰীক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল বিৰণ সাগৰে। যাৰ বাবে যোৱা দুটা বছৰে নিজৰ ঘৰৰ পৰা নিলগত এক দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছিল আনন্দ বাৰাইকে।
কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল হাৰিয়ানাত আৱদ্ধ আনন্দ বাৰাইকৰ এটা ভিডিঅ’। য’ত তেওঁ তেওঁক উদ্ধাৰ কৰিবলৈ কাতৰ আহ্বান জনাইছিল। লগতে তেওঁ কৈছিল তেওঁক আৱদ্ধ কৰি ৰখাৰ কথাও।
এই ভাইৰেল ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছতে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সৰ সহযোগত অভিযান চলাই অৱশেষত হাৰিয়ানাৰ মেৱাটৰ ফাতেমাবাদৰ পৰা উদ্ধাৰ কৰে বাক্সা জিলাৰ নিৱাসী আনন্দ বাৰাইকক। পিছত তেওঁক পৰিয়ালৰ হাতত গতাই দিয়ে অসম আৰক্ষীয়ে।
ইতিমধ্যে অসমৰ ব্যক্তিজনক আৱদ্ধ কৰি ৰখা বিৰণ সাগৰ নামৰ লোকজনৰ বিৰুদ্ধে হাৰিয়ানা আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
লগতে আনন্দ বাৰাইকে ব্যক্তিজনৰ পৰা পাবলগীয়া পাৰিশ্ৰমিকো আদায় কৰা বুলি জানিবলৈ দিয়ে অসম আৰক্ষীৰ এক সূত্ৰই।
লগতে চাওকঃ
পিতৃ-কন্যাই একেলগে যুঁজাৰু বিমান উৰুৱাই সৃষ্টি কৰিলে নতুন অভিলেখ…