অসমীয়াৰাষ্ট্ৰীয়

ম্যানমাৰত ২ ভাৰতীয় যুৱকক শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

নিউজ ডেস্কঃ মঙলবাৰে ম্যানমাৰৰ তামু চহৰত মণিপুৰৰ সীমান্তৱৰ্তী মোৰেহৰ দুই তামিল যুৱকক গুলীয়াই হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সন্ত্ৰাসবাদীয়ে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ভাৰতীয় যুৱক দুজনক পি মোহন (২৮) আৰু এম প্যানাৰ (৩২) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, নিহত দুয়োগৰাকী যুৱকেই পেছাত আছিল অটো’চালক।

ভাৰত-ম্যানমাৰৰ মুক্ত চলাচল এলেকা (এফএমআৰ)ত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ আঁৰত বাৰ্মিজ উগ্ৰপন্থী সংগঠন পিয়ু শ্ব হটি জড়িত থকাৰ সন্দেহ কৰা হৈছে।

myanmar border

উল্লেখযোগ্য যে ২০১৮ বৰ্ষত, যথেষ্ট বিতৰ্ক আৰু আলোচনাৰ অন্তত, এফএমআৰ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই ব‍্যৱস্থাই দুয়োখন দেশৰ সীমান্তত বাস কৰা গাওঁবাসীয়ে ভাগ বতৰা কৰা প্ৰকৃত সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কক শক্তিশালী কৰি তোলাৰ উপৰিও আন বহুতো ক্ষেত্ৰত দুয়োখন দেশৰ নাগৰিকৰ সহায়ক হৈছিল।

উল্লেখযোগ্য যে ২০২১ চনত দলৰ আন নেতাসকলৰ সৈতে আটক কৰা অং চান চু কীৰ নিৰ্বাচিত চৰকাৰৰ বিৰুদ্ধে সামৰিক অভ্যুত্থানৰ পিছত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।

ইয়াৰ পিছতে পিয়ু শ্ব হটিৰ দৰে উগ্ৰপন্থী গোটবোৰ আগতকৈ অধিক সক্ৰিয় হৈ পৰা দেখা গৈছে।

ইফালে, ঘটনাটোৰ পিছত এই সম্পৰ্কে ভাৰতীয় সেনাই ম‍্যানমাৰ সেনাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা অব‍্যাহত ৰাখিছে বুলি খবৰ পোৱা গৈছে।

লগতে চাওকঃ

মৰ্মান্তিক! বানৰ কবলত পৰি ৪ বছৰীয়া শিশুৰ সলিল সমাধি

photo1657084670