
আকাশমাৰ্গত ইতিহাস ৰচিলে পিতৃ-কন্যাৰ যুটিয়ে, একেলগে উৰুৱালে যুঁজাৰু বিমান…
নিউজ ডেস্কঃ আকাশ মাৰ্গত ইতিহাস গঢ়িবলৈ সক্ষম হ’ল এহাল পিতৃ-কন্যাৰ যুটিয়ে। একেলগে একেটা ফৰ্মেচনত যুঁজাৰু বিমান উৰুৱাই এক ইতিহাসৰ সূচনা কৰিলে পিতৃ-কন্যাৰ যুটিটোৱে।
উল্লেখ্য যে, যোৱা ৩০ মে’ত হক-১৩২ৰ দৰে বিশাল যুঁজাৰু বিমান একেটা ফৰ্মেচনত উৰুৱাবলৈ সক্ষম হৈছিল এয়াৰ কমোডৰ সঞ্জয় শৰ্মা আৰু তেওঁৰ পাইলট কন্যা অনন্যাই। ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান একেটা ফৰ্মেচনত আকাশত উৰুৱাই ইতিহাস ৰচনা কৰে সঞ্জয় শৰ্মা আৰু অনন্যাই।

ইফালে ভাৰতীয় বায়ুসেনাই জানিবলৈ দিয়া মতে, এয়াৰ কমোডৰ সঞ্জয় শৰ্মাই ১৯৮৯ চনত যুঁজাৰু্ ষ্ট্ৰিমত কমিছন কৰা যুঁজাৰু অভিযানৰ বিস্তৃত অভিজ্ঞতা অৰ্জন কৰিছিল। তেওঁ মিগ-২১ স্কোৱাড্ৰনৰ লগতে ফ্ৰণ্টলাইন যুঁজাৰু ষ্টেছনৰ কমাণ্ড আছিল।

আনহাতে, সঞ্জয় শৰ্মাৰ সুযোগ্য কন্যা ফ্লাইং অফিচাৰ অনন্যা শৰ্মাই দ্ৰুত আৰু অধিক উচ্চমানৰ যুঁজাৰু বিমান পৰিচালনাৰ স্নাতকৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে বৰ্তমান।
জানিব পৰা মতে, ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেশ্যনত বি. টেক সম্পূৰ্ণ কৰাৰ পিছতে অনন্যাই ভাৰতীয় বায়ু সেনাৰ ফ্লাইং শাখাৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হয়।

ইয়াৰ পিছতে ২০২১ চনৰ ডিচেম্বৰত অনন্যাক যুঁজাৰু বিমানৰ পাইলট হিচাপে নিৰ্বাচিত কৰে ভাৰতীয় বায়ু সেনাই। আৰু তাৰ পৰৱৰ্তী সময়তে পিতৃৰ সৈতে একেটা ফৰ্মেচনত যুঁজাৰু বিমান উৰুৱাই ভাৰতীয় বায়ু সেনাত ইতিহাস ৰচনা কৰে অনন্যাই।
বায়ুসেনাৰ বহু প্ৰাক্তন সেনাই পিতৃ-কন্যাৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই ভাৰতৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে৷





