অসমীয়াৰাষ্ট্ৰীয়

২৫০ কোটি টকা ব্যয় কৰি ৪ বিধায়কক ক্ৰয়ৰ চেষ্টা! তেলেংগানাত গ্ৰেপ্তাৰ বিজেপিৰ ৩ এজেণ্ট…

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰ, দিল্লী, পঞ্জাৱ, গোৱাৰ পিছত এইবাৰ তেলেংগানাত বিজেপিয়ে আৰম্ভ কৰিছে ‘অপাৰেশ্যন লোটাছ’।

ধন আৰু ক্ষমতাৰ প্ৰলোভনেৰে ৰাজ্যখনৰ শাসকীয় দল টিআৰএছৰ ৪ গৰাকী বিধায়কক বিজেপিয়ে ক্ৰয় কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে টিআৰএছে।

অভিযোগ অনুসৰি, ৪ গৰাকী বিধায়কক ক্ৰয় কৰিবলৈ বিজেপিয়ে লৈছিল ২৫০ কোটি টকাৰ বাজেট।

প্ৰতিজন বিধায়কক ৫০ কোটি টকাৰ লগতে লোভনীয় পদ প্ৰদানৰ প্ৰস্তাৱ দিছিল বিজেপিয়ে।

image 214

তদুপৰি দলৰ আন এটাক বিজেপিলৈ আনিলে ১০০ কোটি প্ৰদানৰো প্ৰস্তাৱ দিছিল দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দলটোৱে।

টিআৰএছৰ এই বিস্ফোৰক অভিযোগৰ পিছতে তেলেংগানা আৰক্ষীয়ে দুগৰাকী পণ্ডিত আৰু বিজেপিৰ ঘনিষ্ঠ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, হাৰিয়ানাৰ এটা মন্দিৰৰ পুৰোহিত ৰামচন্দ্ৰ ভাৰতী, তিৰুপতিৰ পুৰোহিত ডি শ্যামাজী আৰু ব্যৱসায়ী নন্দ কুমাৰক তেলেংগানালৈ প্ৰেৰণ কৰি টিআৰএছৰ বিধায়ক ক্ৰয়ৰ চেষ্টা চলাইছিল বিজেপিয়ে।

তিনিওজন লোকে হায়দৰাবাদৰ এটা ফাৰ্ম হাউচত বিধায়ক কেইজনক সাক্ষাৎ কৰি দলত্যাগৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পিছতে এজন বিধায়কৰ বাসগৃহত দলত্যাগৰ চুক্তি সম্পন্ন কৰাৰ কথা আছিল।

image 215

কিন্তু চুক্তি সম্পন্ন হোৱাৰ পূৰ্বেই টিআৰএছ বিধায়ক কেইজনে এই বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ২ পুৰোহিতৰ লগতে ব্যৱসায়ীজনক।

ইতিমধ্যে বিজেপিয়ে ক্ৰয়ৰ চেষ্টা চলোৱা বিধায়ক কেইজনক মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বাসগৃহত ৰখা হৈছে।

অৱশ্যে বিধায়ক ক্ৰয়ক লৈ উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে বিজেপিয়ে।

উল্লেখ্য যে, দক্ষিণ ভাৰতত কৰ্ণাটকৰ বাহিৰে অইন ৰাজ্যত এতিয়াও বিজেপিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে বিভিন্ন প্ৰকাৰে দক্ষিণ ভাৰতত দলক শক্তিশালী কৰিবলৈ নামি পৰিছে বিজেপি।

ইফালে তেলেংগানাৰ ১১৯ গৰাকী বিধায়কৰ ভিতৰত কেৱল মাত্ৰ দুজন বিধায়কহে বিজেপি হোৱাৰ বাবে ৰাজ্যখনত ধন বল প্ৰয়োগ কৰি দলক শক্তিশালী কৰাৰ চেষ্টা বিজেপিয়ে কৰা বুলি মন্তব্য কৰিছে বিভিন্নজনে।