মুক্তি পালে বীৰ ছাভাৰকাৰৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিৰ পোষ্টাৰ, মুখ্য চৰিত্ৰত ৰণদ্বীপ হুডা

নিউজ ডেস্কঃ হিন্দুত্ববাদী নেতা তথা স্বাধীনতা সেনানী বীৰ ছাভৰকাৰৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিৰ পোষ্টাৰ মুকলি কৰা হ’ল শনিবাৰে। ‘স্বতন্ত্ৰ বীৰ ছাভাৰকাৰ’ নামৰ এই জীৱনভিত্তিক ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয় ছাভাৰকাৰৰ জন্মদিন অৰ্থাৎ ২৮ মে’ৰ দিনটোতে।

ছবিখনৰ মুখ্য চৰিত্ৰ অৰ্থাৎ ছাভাৰকাৰৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ৰনদ্বীপ হুডাই। সামাজিক মাধ্যমত ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে লিখিছে, ‘দেশৰ স্বাধীনতা আন্দোলনৰ বিস্মৃতপ্ৰায় নায়কসকলৰ এজন হৈছে ছাভাৰকাৰ। তেওঁৰ দৰে মহান ব্যক্তিত্বলৈ শ্রদ্ধা নিবেদন কৰিয়েই ছবিখন নিৰ্মাণ কৰা হৈছে। মই আশা কৰিছো যে এই প্ৰকৃত বিপ্লৱী চৰিত্ৰত অভিনয় কৰাৰ কঠিন কামটো ভালদৰেই কৰিব পাৰিম আৰু যি কাহিনী পৰ্দাৰ আঁৰতে ৰৈ আছিল সেয়া পোহৰলৈ আনিব পাৰিম।’

image 169
মুক্তি পালে বীৰ ছাভাৰকাৰৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিৰ পোষ্টাৰ, মুখ্য চৰিত্ৰত ৰণদ্বীপ হুডা 2

উল্লেখ্য যে, ১৮৮৩ চনত মহাৰাষ্ট্ৰৰ নাচিকত জন্মগ্ৰহণ কৰা ছাভাৰকাৰে ভাৰতৰ স্বাধীনতা লাভৰ সময়ত অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

কিন্তু ইতিহাসৰ পাতত ছাভাৰকাৰৰ বীৰত্বৰ কাহিনী যিদৰে লিখিত হৈ আছে, সেইদৰে তেওঁক লৈ অনেক বিতৰ্কও চলি আহি আছে। বিশেষকৈ কালাপানীত কাৰাবন্দী হৈ থকা সময়ত নিজৰ জীৱনৰ বাবে ছাভাৰকাৰে বৃটিছিৰ ওচৰত নতি স্বীকাৰ কৰা বুলি অনেকেই দাবী কৰে।

নিজৰ হিন্দুত্বৰ আদৰ্শৰ বাবে সুপৰিচিত বীৰ ছাভাৰকাৰৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা কৰিছে মশেষ মঞ্জেৰকাৰে। ছবিখনৰ প্ৰযোজনা কৰিছে সন্দীপ সিং আৰু আনন্দ পণ্ডিতে।

‘হিন্দুত্ব এক ধৰ্ম নহয়, ই এক ইতিহাস’ এই ধৰণেৰেই ছবিখনৰ জৰিয়তে দিব বিচৰা হৈছে হিন্দুত্বৰ বাৰ্তা। ছবিখনৰ জৰিয়তে ছাভাৰকাৰৰ প্ৰশংসা আৰু বিতৰ্ক দুয়োটাকে পৰ্দাত প্ৰতিফলিত কৰোৱাৰ চেষ্টা চলোৱা হৈছে বুলি মন্তব্য কৰে প্ৰযোজক আনন্দ পণ্ডিতে।

আনহাতে জনপ্ৰিয় অভিনেতা ৰনদ্বীপ হুডাৰ মুখায়বৰ ছাভাৰকাৰৰ সৈতে থকা সাদৃশ্যৰ বাবে স্বতন্ত্ৰ বীৰ ছাভাৰকাৰ ছবিখনে দৰ্শকৰ অধিক ওচৰ চাপিব বুলি আশা প্ৰকাশ কৰে পৰিচালক মহেশ মঞ্জেৰকাৰে।

Leave a Comment