নিউজ জেস্কঃ আইআইটি গুৱাহাটীত এহাল দম্পতীয়ে সাজি উলিওৱা এখন বিশেষ বাহনত উঠি অভিভূত হৈ পৰিল কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ।
শুকুৰবাৰে আই আই টি গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ষ্টাৰ্টআপ ইনকুবেশ্বন প্ৰদৰ্শনী পৰিদৰ্শন কৰে। সেই সময়তে এহাল অভিযন্তা দম্পতীয়ে প্ৰায় ৬ মাহৰ প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰি উলিওৱা এখন বিশেষ বাহনৰ চালকৰ আসনত বহি আনন্দ ব্যক্ত কৰে।
উল্লেখ্য যে, জেকলং দৈমাৰী আৰু ৰূত চাংমা নামৰ দম্পতীহালে ৬ মহীয়া প্ৰচেষ্টাৰে প্ৰায় ৫ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ বাহন।
সন্মুখৰ ফালে দুটা চকা আৰু পিছফালে মাত্ৰ এটা চকা থকা এই ইলেক্ট্ৰিক বাহনখন পৰৱৰ্তী সময়ত বজাৰত মুকলি কৰাৰো পৰিকল্পনাৰ কথা ব্যক্ত কৰে দম্পতীহালে।

জেকলং দৈমাৰীয়ে জানিবলৈ দিয়া মতে, মধ্যবিত্ত শ্ৰেণীৰ বাজেটৰ ভিতৰত পৰাকৈ নিৰ্মাণ কৰা হৈছে এই বিশেষ তিনিচকীয়া বাহনখন।
লক্ষণীয়ভাৱে বাহনখনত বাঁহৰ ফাইবাৰ ব্যৱহাৰ কৰি এক অনন্য ৰূপ প্ৰদান কৰিছে অভিযন্তা দম্পতীহালে।
গুৱাহাটী আইআইটিত বাহনখন প্ৰদৰ্শন কৰি পৰৱৰ্তী সময়ত তেওঁলোকে ব্যৱসায়িক ভিত্তিত বাহনখন নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি জানিবলৈ দিয়ে।
ইফালে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও বিশেষ বাহনখন দেখি অভিভূত হৈ পৰাৰ লগতে দম্পতীহালৰ প্ৰচেষ্টাৰ উচ্চ প্ৰশংসা কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে আইআইটি গুৱাহাটীৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষাৰ্থীৰ মত বিনিময় অনুষ্ঠানত ভাগ লৈ সুখী অনুভৱ কৰাৰ লগতে অভিযন্তাসকলৰ উদঘাটনৰ শলাগ লয়।









