অসম

শিক্ষক নিযুক্তি কেলেংকাৰীঃ আৰক্ষীৰ জালত প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইন…

প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক শিৱসাগৰ আৰক্ষীৰ।

শিক্ষক নিযুক্তিৰ কেলেংকাৰীৰ গোচৰত আটক কৰা হৈছে আনোৱাৰ হুছেইনক৷

অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৱে ৰুজু কৰা গোচৰৰ ভিত্তিতে আটক কৰা হয় আনোৱাৰ হুছেইনক৷

934

১৮ বছৰ নোহোৱাকৈ একাংশক শিক্ষক পদত নিযুক্তি দিয়াৰ অভিযোগ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে৷

অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৰ নেতা দিগন্ত শইকীয়াই উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছতেই শিৱসাগৰ জিলাৰ কেইবাখনো থানাত এজাহাৰ দাখিল কৰিছিল৷

শিৱসাগৰ সদৰ আৰক্ষী থানা, আমগুৰি থানা, নাজিৰা থানা, গৌৰীসাগৰ থানাৰ লগতে কেইবাখনো থানাত ৰুজু কৰিছিল গোচৰ৷

সেই গোচৰৰ ভিত্তিতেই শনিবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে আনোৱাৰ হুছেইনক আটক কৰে।

ইপিনে আৰক্ষীৰ জেৰাত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ বহু মন্ত্ৰী-নেতাৰ নাম ল’লে হুছেইন।

নিযুক্তিৰ জালিয়াতিৰ বাবে দোষাৰোপ কেইবাজনো শীৰ্ষনেতাক। নাম ল’লে প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ নাম, প্ৰয়াত অঞ্জন দত্ত, প্ৰয়াত দেৱানন্দ কোঁৱৰকে ধৰি কেবাজনকো কৰিলে জগৰীয়া।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *