আন্তঃৰাষ্ট্ৰীয়

মিছ ৱৰ্ল্ডৰ দৌৰত শ্ৰেষ্ঠত্ব অৰ্জন পোলেণ্ডৰ সুন্দৰী কেৰলিনা বিয়েলাওস্কাৰ….

মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ শীৰ্ষ ১৩তে থমকি ৰ’ল ভাৰতীয় সুন্দৰী মানসা বাৰানসী। ২০২২ বৰ্ষৰ মিছ ৱৰ্ল্ডৰ মুকুট উজ্বলিল পোলেণ্ডৰ সুন্দৰী কেৰলিনা বিয়েলাওস্কাৰ শিৰত।

পোৱেৰ্টো ৰিকোত অনুষ্ঠিত ৭০ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ অনুষ্ঠানত আন আন বিশ্বৰ সুন্দৰী প্ৰতিযোগীক চেৰ পেলাই শ্ৰেষ্ঠত্বৰ খিতাপ জিনে পোলেণ্ডৰ কেৰলিনাই।

প্ৰতিযোগিতাৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় আমেৰিকান সুন্দৰী শ্ৰী চাইনীয়ে। আনহাতে কোটে ডি আইভৰিৰ অলিভিয়া য়েচে দখল কৰে তৃতীয় স্থান।

Image

উল্লেখ্য যে মিছ ৱৰ্ল্ডৰ শীৰ্ষ ১৩ত স্থান লাভ কৰিছিল ভাৰতৰ উপৰিও ভিয়েটনাম, মেক্সিকো, নৰ্থাৰ্ড আয়াৰলেণ্ড, ফিলিপাইনছ, পোলেণ্ড, ছোমালিয়া, আমেৰিকা, কলম্বিয়া, চেক গণৰাজ্য, ফ্ৰান্স, কোটে ডি আইভৰি আৰু ইণ্ডোনেছিয়াৰ সুন্দৰীয়ে।

ইয়াৰ পৰা ৬ গৰাকী সুন্দৰীক বাচনি কৰা হয় ফাইনেললৈ। য’ত স্থান লাভ কৰে আমিৰেকা, পোলেণ্ড, ইণ্ডোনেছিয়া, মেক্সিকো, কোটে ডি আইভৰি আৰু নৰ্থাৰ্ড আয়াৰলেণ্ডৰ সুন্দৰীয়ে।

Image

প্ৰণিধানযোগ্য যে, টেলেণ্ট ৰাউণ্ড শাখাত শ্ৰেষ্ঠ ৰূপে বিবেচিত হয় মংগোলিয়াৰ সুন্দৰী। এই অনুষ্ঠানত যোৱাবাৰৰ বিজয়ী টনি এন সিঙে গীত পৰিবেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *