অসম

ৰেগিঙৰ অপৰাধত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহঃ সাধাৰণ সম্পাদকসহ দুজন ছাত্ৰক বহিষ্কাৰ…

ৰেগিঙৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহঃ সাধাৰণ সম্পাদকসহ দুই জ্যেষ্ঠ ছাত্ৰক বহিষ্কাৰ।

এজন জুনিয়ৰ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগত ঋতুপৰ্ণ দাস আৰু কিংকু শইকীয়াক দুবছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে এক জাননী জাৰি কৰি এই নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাৰিকৰী ও প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ এই দুগৰাকী পঞ্চম ষান্মাসিকৰ ছাত্ৰই গুৰুপ্ৰসাদ দাস ছাত্ৰ নিবাসত এজন কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত শাৰিৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পিছতে ভুক্তভোগী ছাত্ৰজনৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় কৰ্তৃপক্ষই দুয়োজন ছাত্ৰক দুবছৰৰ বাবে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়।   

উল্লেখ্য যে বহিষ্কৃত ছাত্ৰ দুজনৰ ঋতুপৰ্ণ দাসে ২০২১-২০২২ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰূপে সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *