অসমঅসমীয়া

৩৩ ছেকেণ্ডতে ১.৭० লাখটকীয়া বাইক নিলে চোৰে!

নিউজ ডেস্ক। বাইক চুৰি চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াত সংঘটিত হ’ল এক বাইক চুৰি কাণ্ড।

চিচিটিভি কেমেৰাত বন্দী হােৱা এই চুৰিকাণ্ডত বাইক চােৰে দিন দিপুৰতে চুৰি কৰি নিলে লাখটকীয়া বিলাসী বাইক।

1 14

ৰঙিয়াৰ ইকক্স পাৰ্কৰ সমীপত বুধবাৰে সংঘটিত হয় এই বাইক চুৰিকাণ্ড।

জানিব পৰা মতে, হেলমেট পৰিহিত চােৰে এ এছ-০১-ই ইউ-২৩২৯ নম্বৰৰ বাইকখন চুৰি কৰি নিয়ে।

মাত্ৰ ৩৩ ছেকেণ্ডতে অতি কৌশলেৰে বাইকখন চুৰি কৰি উধাও হয় চোৰটো।

পিছে পিছে বাইকখনৰ গৰাকীৰ লগতে প্রত্যক্ষদর্শীয়ে খেদি যায় যদিও তীব্র গতিৰে বাইকখন লৈ পলায়ন কৰিবলৈ সক্ষম হয় চোৰটো।

ঘটনা সন্দৰ্ভত ১.৭০ লাখটকীয়া বাইকখনৰ গৰাকীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে চোৰৰ সম্ভেদ উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত চােৰৰ কােনাে শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হােৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *