মানসিক ভাৰসাম্যহীন ব্যক্তিৰ নিৰ্মম আক্ৰমণত আৰক্ষী বিষয়া, ২ সন্তানসহ নিহত ৫

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা।

এজন মানসিক ভাৰসাম্য হেৰুওৱা ব্যক্তিৰ নিৰ্মম আক্ৰমণত প্ৰাণ গ’ল এগৰাকী আৰক্ষীসহ ৫ জন লােকৰ।

নিহতৰ ভিতৰত লােকজনৰ দুটি শিশুও আছে।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমৰ প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাত।

FFLft-Of-VEAYjkfq

জানিব পৰা মতে, শুকুৰবাৰে নিশা ত্ৰিপুৰাৰ খোৱাই জিলাৰ উত্তৰ ৰামচন্দ্ৰঘাটৰ চেৰাটুলি গাঁৱত এজন যুৱকে চােকা অস্ত্ৰৰে আক্ৰমণ চলাই হত্যা কৰে আৰক্ষী বিষয়াসহ পাঁচজন লোকক।

নিহতসকলৰ ভিতৰত আছে খোৱাই আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ মল্লিক, লােকজনৰ দুটি শিশু আৰু আন দুজন লােক।

জানিব পৰা মতে, স্থানীয় প্ৰদীপ দেৱৰাই ওৰফে কুট্টি নামৰ লােকজন বিগত কিছুদিন ধৰি ‘মানসিক হতাশা’ত ভুগি আছিল। তেওঁ কাৰো সৈতে কথাও পতা নাছিল।

শুক্ৰবাৰে মাজনিশাৰ পৰা তেওঁ হঠাতে আক্ৰমণাত্মক হৈ পৰে। তেওঁ ঘৰৰ ভিতৰত বেলচাৰে নিজৰ দুই সন্তানক নিৰ্মমভাৱে হত্যা কৰে।

একে সময়তে তেওঁৰ পত্নী মীনা পালকাে গুৰুতৰভাৱে আক্ৰমণ কৰে। পিছত লােকজনে তেওঁৰ ঘৰৰ পৰা ওলাই গৈ অঞ্চলটোৰ বিভিন্ন লােকক আক্ৰমণৰ চেষ্টা চলায়।

তেনে সময়তে প্ৰদীপ ওৰফে কুট্টিয়ে ৰাস্তাৰে গৈ থকা এখন অটোক ৰখাই অটােৰ আৰােহী কৃষ্ণ দাস (৫৪) আৰু তেওঁৰ পুত্ৰ কৰণবীৰ দাসৰ দাঁতেৰে কামুৰি ধৰে।

ঘটনাস্থলীতে কৃষ্ণ দাসৰ মৃত্যু ঘটাৰ বিপৰতে পুত্ৰ কৰণবীৰ দাসক চিকিৎসালয়ত মৃত্যু হয়।

এই ঘটনাৰ খবৰ লাভ কৰি স্থানীয় খােৱাই আৰক্ষী থানাৰ দ্বিতীয় বিষয়া সত্যজিৎ মল্লিককে ধৰি এক বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীৰ দলৰ ওপৰতাে উন্মাদ লােকজনে আক্ৰমণ চলায়। এই ঘটনাত আৰক্ষী বিষয়া সত্যজিৎ মল্লিকাে গুৰুতৰভাৱে আহত হৈ মৃত্যুবৰণ কৰে।

লগতে আন কেইবাজনো আৰক্ষীৰ লোকাে আহত হয় উন্মাত লােকজনৰ আক্ৰমণত।

অৱশ্যে, পৰৱৰ্তী সময়ত স্থানীয় লােকৰ সহযােগত আৰক্ষীয়ে যুৱকজনক নিৰাপদে আবদ্ধ কৰিবলৈ সক্ষম হয়।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে। এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Leave a Comment