অসম

কাকপথাৰত উদ্ধাৰ বিলুপ্ত প্ৰজাতিৰ চৰাই, তীব্ৰ কৌতূহল

নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ কাকপথাৰত বিলুপ্ত প্ৰজাতিৰ চৰাই উদ্ধাৰ।

লংকাদ্বীপ গাঁৱৰ এজন লোক পথাৰলৈ যাওঁতে এই চৰাই বিধ দেখি উদ্ধাৰ কৰে। চৰাইটো দেখিবলৈ প্ৰায় ফেঁচা আৰু মেকুৰীৰ দৰে। যাক লৈ বহুতৰে মনত এতিয়া সৃষ্টি হৈছে কৌতূহল।

এই চৰাইটো চাবলৈ এতিয়া দূৰ দূৰণিৰ বহুতো লোকৰ সমাগম হৈছে গাঁওখনত। অৱশ্যে স্থানীয় লোকে চৰাইটো কেতিয়া গাঁও খনত প্ৰৱেশ কৰে আৰু গছত বাস কৰে সেই সন্দৰ্ভত প্ৰকৃত তথ্য প্ৰদান কৰিব পৰা নাই।

চৰাইটো উদ্ধাৰ কৰা লোকজনে কয় যে, “মই প্ৰথমতে এইটো এটা মেকুৰী বুলি ভাবিছিলো। কিন্তু যেতিয়া মই তাৰ ওচৰলৈ যাওঁ, তেতিয়াহে ভালদৰে ইয়াক মই চিনিব পাৰো।”

উল্লেখ্য যে কিছুদিন পূৰ্বে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্ত প্ৰায় হিমালয়ান মেণ্ডাৰিন হাঁহ দেখিবলৈ পোৱা গৈছিল। আৰু ইয়াৰ পিছতেই এই বিলুপ্ত প্ৰায় চৰাই বিধ পুনৰ উদ্ধাৰ হৈছে তিনিচুকীয়াত।

ইয়াৰোপৰি অলপতে প্ৰকাশ পোৱা এক প্ৰতিবেদনত এশ বছৰৰ মূৰত অসমত পোৱা গৈছে এক ভিন্ন প্ৰজাতিৰ সৰ্প।

Leave a Reply

Your email address will not be published. Required fields are marked *